চাবুৱাঃ "আমি যি কাম কৰিম ভাল কাম কৰিম। যি সিদ্ধান্ত লম, ভাল সিদ্ধান্ত লম। ভাল কামৰ মৃত্যু নাই।"- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। চাবুৱা জেৰাই গাঁৱত দেওবাৰে অনুষ্ঠিত ২১২ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উঠি অহা যুৱক-যুৱতী সকলক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ, শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধ দেৱ, জ্যোতি-বিষ্ণু, ফণী শৰ্ম্মাৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনায়।
বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে, সততা, নিষ্ঠা, ত্যাগ আৰু নিৰ্ভিকতাৰে সংযম ৰক্ষা কৰি কাম কৰি যাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। আনহাতে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ আদৰ্শ তথা ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ চিন্তা-ধাৰা, স্বাভিমানক শ্ৰদ্ধা সহকাৰে জীয়াই ৰাখিবলৈ এইখন চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, মায়ামৰা সমাজৰ গুৰু অনিৰুদ্ধ দেৱৰ নামত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে বাজেটত প্ৰথম পৰ্যায়ত এক কোটি টকা ধাৰ্য কৰা হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গুৰুজনাৰ নামত থকা আসনৰ বাবে ২০ লাখ টকা অসম চৰকাৰে আগবঢ়োৱাৰ লগতে অহা বৰ্ষৰ পৰা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস চৰকাৰীভাৱে পালন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। আনহাতে যোৱা ২৪ মে'ৰ পৰা আৰম্ভ হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসত পোন প্ৰথমবাৰৰ বাবে উদযাপন সমিতিয়ে স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰে বি.টি.চি. প্ৰধান হাগ্ৰামা মহিলাৰীক।
বঁটা গ্ৰহণ কৰি মহিলাৰীয়ে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰি কয় যে, মটকসকলে অসমত তাই আহোমসকল অহাৰ বহু আগৰে পৰা ৰজত্ব কৰি আছিল। মটক, বড়ো, মৰাণ, কছাৰী, আহোম, চুতীয়াসকলৰ মাজত কোনোধৰণৰ জনগোষ্ঠীয় অমিল নাই বুলি ভাষণত উল্লেখ কৰি মহিলাৰীয়ে বি.টি.চি নিজা পুঁজিৰ পৰা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত এক কোটি টকা দিয়াৰ কথা ঘোষণা কৰাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মটক জনগোষ্ঠীটো সৰ্বাঙ্গীন বিকাশৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।
মটক সন্মিলনৰ সভাপতি চন্দ্ৰ সেনাপতিৰ সভাপতিত্বত মুকলি সভাত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, আছুৰ মূখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, হাইড্ৰ কাৰ্বনৰ অধ্যক্ষ পূৰ্ণাকণ বৰুৱা, বিধায়ক চন্দন ব্ৰহ্ম, বিধায়ক বিনোদ হাজৰিকা, বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিধায়ক সঞ্জয় কিষাণৰ লগতে অসম চৰকাৰৰ বহুতো উচ্চ পদস্থ বিষয়া। নিশা বঁটা বিতৰণী সভা আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।