মুৰফুলনিঃ লোকসভা-বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলৰ নেতাই উন্নয়ণ কৰিম বুলি বৰ বৰ কথা কয়৷ ৰাইজৰ কল্যাণ সাধন কৰাৰ শপত খাই উদাত্ত ভাষণেৰে প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু গাদী দখল কৰাৰ পিছত তেওলোকে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ কথা হৈ নাথাকে পাহৰি যায়৷

নিৰ্বাচনৰ পাৰ হোৱাৰ পিছত নিজৰ সমষ্টিটোকে পাহৰি যায় তেওলোকে৷ পূৰ্বৰ ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰে ৰাজ্য খনৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা খণ্ডত উন্নয়ন কৰিব নোৱাৰাৰ লগতে বৰ্তমানৰ চৰকাৰ খনেও ২ বছৰ পাৰ হ’বৰ হ’ল যদিও ৰাইজৰ উন্নয়ন কৰাৰ পৰা দূৰে দূৰে থকা পৰিলক্ষিত হয়৷

কেৱল ক্ষমতা দখল কৰাৰ বাবে ৰাজনীতি কৰি অহা চৰকাৰ খনে গ্ৰাম্য অঞ্চলক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ গ্ৰাম্য অঞ্চলৰ পথ দলং, বিশুদ্ধ খোৱাপানী আদি যোগানত ব্যৰ্থ হোৱা চৰকাৰ খনে ৰাইজৰ সমস্যাক আওঁকান কৰা দেখা যায়৷ আজিও ৰাজ্য খনৰ বিভিন্ন ঠাইত ৰাইজে গাঁঠিৰ ধনেৰে দলং নিৰ্মাণ কৰি আহ-যাহ কৰিব লগা হয়৷

পথৰ জুৰৱস্থাৰ ববাে হাহাকাৰ কৰিব লগা হয়৷ তাৰ মাজতে গোলাঘাট জিলাৰ আলিছিগাঁৰ দাতি কাষৰীয়া ৰাইজে বিপজ্জনক যাতায়াত কৰি অহা পৰিলক্ষিত হৈছে৷  বছৰ বছৰ ধৰি যাতায়াতৰ নামত হাহাকাৰ কৰিব লগা হৈছে ৰাইজে৷ প্ৰায় ১০ খনতকৈ অধিক গাঁৱৰ লোকে যাতায়াত কৰিছে এখন জৰাজীর্ণ বাঁহৰ দলঙেৰে৷ কণ কণ শিশুৰ লগতে স্কুল-কলেজৰ ছাত্র-ছাত্রীয়ে দৈনিক বিপদ সংকুল ভাৱে যাতায়ত কৰিবলগীয়া হয়। বাৰিষাৰ সময়ত টুলুঙা নাৱেৰে যাতায়ত কৰিবলগীয় হয় যদিও খৰালি ৰাইজে যাতায়তৰ বাবে গাঁঠিৰ ধন ভাঙি নৈখনত বাঁহৰ দলং নিৰ্মাণ কৰি লয়৷

সাধাৰণ বাঁহৰ দলঙেৰে শ-শ লোকে আহ-যাৰ কৰাৰ ফলত নিতৌ সমস্যাত পৰে ৰাইজ৷ বৃহত্তৰ অঞ্চলটোত কোনো যানবাহন চলাচল কৰিব নোৱাৰে দলং খন নথকাৰ বাবে৷ জৰুৰে অৱস্থাত এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে অঞ্চলবাসী। ঠেলা, সাঙি নতুবা চাইকেলেৰে বিভিন্ন সময়ত কাঢ়িয়াব লগা হয় গৰ্ভৱতী মহিলা অথবা ৰোগীক। বাঁহৰ দলঙৰে যাতায়ত কৰাৰ বাবদ দুচকীয়া বাহনৰ ১০ টকা আৰু খোজকাঢ়ি পাৰ হোৱা লোক সকলে ৫ টকা আদায় দিব লাগে।

এই পথটোৰে টেঙাণি, সৰুপথাৰ, বৰপথাৰ আদি অঞ্চললৈ যাতায়ত কৰ। কিন্তু বিগত সময়ত চৰকাৰৰ অমনযোগিতাৰ বাবেই বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰিব লগীয়া হৈছে। নৈখনৰ ওপৰত এখন পকী দলং নির্মানৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ অাবেদন জনোৱাৰ পিছতো বিধায়িকা ৰজলীনা তিৰ্কীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাই দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত অঞ্চলটোলে ঘুৰি চাবলৈ আহৰি পোৱা নাই বিধায়কে৷ বাঁহৰ সাঁকোৰ পৰিবৰ্তে এখন পকী দলং নিৰ্মানৰ বাবে অঞ্চলবাসীয়ে এতিয়া সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক দাবী জনায়।