ডিজিটেল ডেস্কঃ পাঞ্জাৱ নেচনেল বেংকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ ১১ হাজাৰ কোটিতকৈও অধিক টকা লৈ উধাও হোৱা ব্যৱসায়ী নীৰৱ মোডী এতিয়া পলাতক। হীৰা ব্যৱসায়ী মোডীৰ পত্নী আৰু ল’ৰা-ছোৱালী সম্প্ৰতি নিউয়ৰ্কত৷  PNBৰ ঘটনাৰ বাবে সমগ্ৰ দেশতে সমালোচনাৰ এতিয়া তুংগত উঠাৰ সময়তে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ সমালোচনাত পিছ পৰি ৰোৱা নাই বিৰোধী দলসমূহৰ লগতে সহযোগী দলসমূহো৷ 

প্ৰতিটো সময়তে বিজেপি দলৰ কিছুমান কাৰ্যকলাপক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোডীক সমালোচনা কৰি অহা বিজেপি দলৰে সাংসদ শত্ৰুঘ্ন সিনহাই PNB কাণ্ডকলৈও কটাক্ষ কৰিবলৈ নেৰিলে শাসিত চৰকাৰৰ লগতে নৰেন্দ্ৰ মোডীক৷ এই ঘটনাৰ বাবে টুইট কৰা সিনহাই সমালোচনাৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোডীক৷ 

সিনহাই মোডীক ব্যংগাত্মকভাৱে চকীদাৰ আখ্য দি টুইটত কয় ‘ডাঙৰ চকীদাৰ টোপনি গ’ল, সৰু শক্তিমান পলাই গ’ল’৷ সিনহাৰ এই টুইটৰ প্ৰসংগক লৈ বৰ্তমান ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷ শত্ৰুঘ্ন সিনহাই প্ৰথম টুইট যোগে কয়, ‘হে প্ৰধান সেৱক, হে প্ৰধান ৰক্ষক, চকীদাৰ-য়ে-ৱতন’, দেশৰ সকলো ধুৰন্ধৰে দিন-দুপৰতে প্ৰৱঞ্চনা কৰি বিদেশলৈ পলাই যায়, ইয়াৰ বাবে কি আমি নেহৰুক দোষাৰোপ কৰিম, যিয়ে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে এয়াৰলাইনছক অনুমতি প্ৰদান কৰিছিল? 

সিনহাই দ্বিতীয়টো টুইটত দুজনক লক্ষ্য কৰি কয়, ‘ডাঙৰ চকীদাৰ টোপনি গ’ল, সৰু শক্তিমান পলাই গ’ল’ আৰু এতিয়া আমি সকলোৱে ৰৈ চাই আছোঁ৷ অন্য এটা টুইটত শত্ৰুঘ্ন সিনহাই মোডীৰ বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াক লক্ষ্য কৰি কয়, চকীদাৰ-য়ে-ৱতন, বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াক ইয়াৰ সতে জড়িত নকৰিব, আগন্তুক সময়ত আৰু এনে লোক ওলোৱাৰ সম্ভাৱনা আছে৷ 

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ বিজেপিৰ সহযোগী দল শিৱসেনাইও PNB ঘটনাকলৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷ শিৱসেনা চৰকাৰে কয়, পলাতক PNB কেলেংকাৰীত অভিযুক্ত নীৰৱ মোডীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ পাতি দিয়া উচিত৷ নহ’লে নীৰৱে দেশ ধ্বংস কৰিব৷ শিৱসেনা দলৰ প্ৰবক্তাই এই অভিযুক্ত নীৰৱ মোডীক ডাবোচত নৰেন্দ্ৰ মোডীৰ সতে ফটো তুলি থকা প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰিছে৷