আল আহছাঃ ছৌদি আৰৱত এজন ব্যক্তিৰ পেটৰ পৰা ওলাল এটা বৈদ্যুতিক বাল্ব৷  চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়ায় বাল্বটো৷ ২১ বছৰীয়া যুৱকজনে শৈশৱতে ষ্টাণ্ট দেখাবলৈ গৈ ভক্ষণ কৰিছিল বাল্বটো৷

সুদীৰ্ঘ ১০ বছৰৰ অন্তত জ্বৰ, বমি আৰু ওকালি অহা যুৱকজনক জৰুৰীকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত চিটিস্কেন কৰাৰ অন্তত যুৱকজনৰ পেটত তাঁৰযুক্ত কিবা এটা বস্তু ধৰা পৰে।

কেইবাটাও পৰীক্ষা-নীৰিক্ষাৰ পিছত যুৱকজনৰ পেটত বাল্ব থকাটো পোহৰলৈ আহে৷ অৱশেষত ১ ঘণ্টা ১৫ মিনিটৰ সফল অস্ত্ৰোপচাৰৰ পিছত মানুহজনৰ পেটৰপৰা উলিওৱা বাল্বটো অক্ষত অৱস্থাতে আছিল বুলি প্ৰকাশ কৰে চিকিৎসকে৷