newsnextone.com | গুৱাহাটীঃ ৩০ জুলাইৰ পুৱা ১০ বাজি ১৯ মিনিটত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিছিল এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে। পুৱা ১০ বজাত এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবাঞ্চলৰ দায়িত্বত থকা সচিব সত্যেন্দ্ৰ গাৰ্গে সংবাদ মেল সম্বোধন কৰি এনআৰচিৰ খচৰা মুকলি কৰিছিল।
তাৰ লগে লগে সকলো তথ্য উক্ত দিনটোতে সংবাদমেল যোগে ৰাজহুৱা কৰিছিল ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছে। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৩ কোটি ২৯ লাখ লোকে আৱেদন কৰা এনআৰচিৰ খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে।