নতুন দিল্লীঃ সংবাদ মাধ্যমে কোনোধৰণে যৌন নিগ্রহ বা তেনে ঘটনাত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে।

সংবাদ মাধ্যম বা আইন প্রয়োগকাৰী সংস্থাসমূহক যৌন নির্যাতিতাৰ নাম প্রকাশ কৰিব পৰা নাযাব বুলি নির্দেশ দি এই বিষয়ত কেইবাটাও নির্দেশনা জাৰি কৰিছে শীর্ষ আদালতখনে। নির্দেশনাত এই বুলিও কোৱা হৈছে যে, আক্রান্তসকলৰ নাম জনসমাৱেশ বা ছ'চিয়েল মিডিয়াৰ প্লেটফর্মতো ব্যৱহাৰ কৰিব নোৱাৰিব।
 

নাম প্রকাশৰ পাছত এই সমাজত এতিয়াও কেনেদৰে ধর্ষিতা বা নির্যাতিতাৰ পৰিয়ালক হয়ৰান আৰু সামাজিকভাৱে বয়কটৰ চিকাৰ হয় সেই কথা উল্লেখ কৰি দুখ প্রকাশ কৰি আদালতত জনাইছে, "মাক-দেউতাকে তেওঁলোকৰ সম্মতি প্ৰদান কৰিলেও আৰক্ষী বা ফৰেনছিক কর্তৃপক্ষই ধর্ষিতাৰ বা যৌন নিগ্ৰহত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব। এফ আই আৰতো নাম লেখিব পৰা নাযাব। বিশেষকৈ নাবালক-নাবালিকাৰ ক্ষেত্রত এই বিষয়টো মনত ৰাখিবই লাগিব।"