Home ৰাজ্যহিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হঠাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অনুসূচিত জাতিৰ সংগঠন

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হঠাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অনুসূচিত জাতিৰ সংগঠন

by News Next One
A+A-
Reset

গুৱাহাটীঃ আজি ৰাজ্যৰ অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা কেইবাটাও সংগঠনে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদমেল সম্বোধন কৰে৷ অসমত বসবাস কৰা কেইবালাখ অনুসূচিত জাতিৰ লোকৰ বিৰুদ্ধে গৈ ৰাজ্য চৰকাৰে বিনাশকাৰী সিদ্ধান্ত ল’ব খোজাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবালাখ অ’বিচি তালিকাভুক্ত কেওট সম্প্ৰদায়ৰ লোকক অনুসূচিত জাতিৰ কৈৱৰ্তৰ মৰ্যদা দিব খোজাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷

সংগঠকেইটাই কোনো কাৰণত অ’বিচিৰ তালিকা ভুক্ত কেওট সম্প্রদায়ক কৈৱৰ্ত হিচাপে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে৷ প্ৰয়োজনত ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷ ৰাজ্য চৰকাৰে যদি এই সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে অসমৰ কৈৱৰ্তসকলৰ প্ৰতি এয়া চৰম অপমান আৰু কৈৱৰ্তক ধ্বংস কৰিব খোজাৰ ষড়যন্ত্ৰ বুলি অভিহিতি কৰে অনুসূচিত জাতিৰ দল-সংগঠনসমূহে৷

অসম অনুসূচিত জাতি পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, সদৌ অসম কৈৱর্ত যুৱ-ছাত্র সন্মিলন, অনুসূচিত জাতি যুৱ-ছাত্র সন্থা, অনুসূচিত জাতি সংগ্রামী যুৱ-পৰিষদ, সমতা সৈনিক দল, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদ, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলন, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলন, কৈৱর্ত মহিলা সভা, অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ, বণিয়া সন্মিলনী, নমঃশূদ্ৰ সন্মিলনীৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই যৌথ সভাৰ অন্তত সাংবাদিকৰে মুখামুখি হৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷

সঞ্জীৱ দাসে ২০২৩ চনৰ এটা গোচৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে একাংশ লোকে ভুৱা প্ৰমাণপত্ৰৰে জাতিগত প্ৰমাণ পত্ৰ লৈছে৷ ভাৰত স্বাধীন হোৱাৰ আগৰ মাটিৰ তথ্য অনুযায়ী কেওট সম্প্ৰদায়ৰ লোকে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ আছে৷ এয়া অসাংবিধানিক৷ এনেদৰে জাতিগত প্ৰমাণপত্ৰ লোৱা কাৰবাৰটো বন্ধ হ’ব লাগে৷ দাসে মিছন ভূমিপুত্ৰ এপ বন্ধ কৰাৰ দাবী উত্থাপন কৰি কয় যে এই এপটো যোগে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসৰ দৰে লোকে ভুৱা প্ৰমাণপত্ৰ উলিয়াইছে৷ ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ আনি দাসে পৰৱৰ্তী সময়ত অসমত প্ৰতিবাদ হ’ব ঘোষণা কৰে৷ এনে ষড়যন্ত্ৰত মন্ত্ৰী পীয়ুষ হাজৰিকা জড়িত থকাৰ অভিযোগো আনে সঞ্জীৱ দাসে৷

অনুসূচিত জাতিৰ দল-সংগঠনসমূহে কয় যে বিভাগীয় মন্ত্রী পীয়ুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত অসমৰ কৈৱৰ্তসকলক ধ্বংস কৰিব খোজা হৈছে৷ অনুসূচিত জাতিৰ কেইটামান তথাকথিত সংগঠন আৰু সদৌ অসম কেওট সন্মিলন, সদৌ অসম কেওট জাতীয় পৰিষদ আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত অ’বিচি তালিকাভুক্ত কেওট সম্প্রদায়ক জাল কেওট আৰু কৈৱৰ্ত হিচাপে মাটিৰ তথ্যৰ ওপৰত ভিত্তি কৰি জাতিগত প্রমাণ পত্র প্রদানৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ আমি তীব্ৰ বিৰোধীতা কৰিছো।

নিৰ্ভৰযোগ্য সূত্রৰ তথ্যৰ প্ৰসংগ উল্লেখ কৰি সংগঠনসমূহ কয় যে মন্ত্ৰী পৰ্যায়ৰ সভাত উপস্থিত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ বিতাড়িত সভাপতি দীপাংকৰ দাস আৰু শিৱসাগৰ জিলা সমিতিৰ বহিষ্কৃত সম্পাদক তথা অসমৰ অনুসূচিত জাতি পৰিষদৰ অবৈধ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাৰ সিদ্ধান্তক অনুসূচিত জাতিৰ দল-সংগঠনসমূহে কেতিয়াও মানি ল’ব নোৱাৰো। অ’বিচি তালিকা ভুক্ত কেওট সম্প্রদায়ক কৈৱৰ্ত বা জাল কেওট হিচাপে প্রমাণ পত্র প্রদান কৰিলে প্রকৃত অনুসূচিত জাতিৰ লোক বঞ্চিত হ’ব।

শ-শ বছৰ ধৰি নিজকে উচ্চ শ্ৰেণীৰ লোক বুলি অভিহিত কৰা আৰু ১৯৫১, ১৯৬১, ১৯৭১ আৰু ২০১১ চনৰ জাতি পিয়লত নিজকে উচ্চ শ্ৰেণীৰ বুলি চিনাকি দিয়া কেওট সম্প্ৰদায়ৰ লোকসকলে অকল সাংবিধানিক আৰু ৰাজনৈতিক সুবিধা আদায়ৰ বাবে উঠি পৰি লাগিছে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে মাটিৰ তথ্যৰ পট্টাদাৰৰ উপাধিৰ ওপৰত ভিত্তি কৰি জাতিগত প্রমাণ পত্ৰ প্ৰদান কৰাৰ কোনো চৰকাৰী নির্দেশনা নাই। মাটিৰ তথ্য অকল কৈৱৰ্তসকলৰ ক্ষেত্রত কিয় বুলি প্ৰশ্ন কৰে? বাকী ১৫ টা উপজাতিৰ ক্ষেত্ৰত কি তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰমাণ পত্র প্রদান কৰে নে বুলিও প্ৰশ্ন তোলে সংগঠনকেইটাই? ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নীতি নিদের্শনা মানি চলি জাতিগত প্রমাণ পত্ৰ জাতি পিয়লৰ ১৯৫১, ১৯৬১, ১৯৭১ প্রমাণ পত্র প্রদান কৰিব লাগে বুলি দাবী কৰি সংগঠনকেইটাই কয় যে অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা প্রকৃততে বৈধ নে বুলি প্ৰশ্ন তোলে?

তেওঁলোকে কয় যে কামৰূপ জিলাৰ মুনচিফ নং ১ত চলি থকা গোচৰ নং টিএছ নং-৮৬/২০১১ জাতি পৰিষদৰ সভাপতি চৰকৰী ভাবে ভবেন্দ্ৰ নাথ ভৰালী আৰু সাধাৰণ সম্পাদক পৰমেশ্বৰ সূত্ৰধৰ৷ অসমৰ চৰকাৰৰ অনুষ্ঠান প্রতিষ্ঠান পঞ্জীয়কৰ পত্র নং-আৰএফএছ.৫৭/২০২১/১১ তাং-২৫/১১/২০২১ নং পত্ৰ মতে অসমৰ অনুসূচিত জাতি পৰিষদৰ পঞ্জীয়ন নৱীকৰণ এতিয়ালৈ হোৱা নাই। তেনেস্থলত অবৈধ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাৰ নেতৃত্বত লোৱা সিদ্ধান্ত অসমৰ ৰাইজে মানি নলয়।

আনহাতে, কেওটক কৈৱৰ্ত মাটিৰ তথ্যৰ পূৰ্বপুৰুষৰ ১৯৩১ চনৰ উপাধ কেওঁটৰ পৰিবৰ্তে কৈৱৰ্ত জাতি বুলি জাতিগত প্রমাণ দিয়াৰ বিৰুদ্ধে বৰপেটা জিলা অনুসূচিত জাতি পৰিষদে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালত ২০১৩ চনত ৰুজু কৰা গোচৰ নং ডব্লিপি (চি)/৫৩৪৪/২০১৩ এতিয়াও মহামান্য আদালতৰ বিচৰাধীন। গতিকে গোচৰ আৰু জাতি পৰিষদৰ বৈধতাৰ কোনো নিশ্চয়তা নোহোৱা পর্যন্ত অসমৰ চৰকাৰক হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠনকেইটাই৷ প্ৰয়োজনত ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷

আজিৰ যৌথ সভাত অসম অনুসূচিত জাতি পৰিষদৰ নাৰায়ণ নমসুদ্র, জয় ভীম মিছনৰ তাৰিণী চৰণ দাস, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ পৰশজ্যোতি দাস, সদৌ অসম কৈবর্ত যুর-ছাত্র সন্মিলনৰ জয়ন্ত দাস, অনুসূচিত জাতি যুৱ ছাত্র সন্থাৰ নিত্যানন্দ দাস, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ সঞ্জীৱ দাস, সমতা সৈনিক দলৰ অমৰেন্দ্ৰ দাস, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ পবিত্র হাজৰিকা, সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্র সন্মিলনৰ বলেন্দ্র দাস, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলনৰ গৌৰীশংকৰ দাস, কৈৱর্ত মহিলা সভাৰ চুমি দাস, সমতা সৈনিক দলৰ দিগন্ত কুমাৰ দাস, অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কল্পনা হাজৰিকা উপস্থিত থাকে৷

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0