বিদ্যালয় সমূহ খোলাৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰ

ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ কোভিডকালীন পৰিৱেশৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ থকা শিক্ষানুস্থানসমূহ অৱশেষত খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণহ কৰিছে ৰাজ্যচৰকাৰে৷পৰ্যায়ক্ৰমে শিক্ষানুস্থানসমূহ খুলিব৷ইতিমধ্যেই বিগত সপ্তাহৰহপৰাই দ্বাদশ আৰু স্নাতক শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছেই৷এইবিষয়ে সংবাদ মাধ্যমক অৱগত কৰি শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে কয় যে
চলিত মাহৰ পৰাই আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান।শিক্ষানুস্থানসমূহ খুলিলেও সদ্যহতে বন্ধ থাকিব হেষ্টেল সমূহ।এই সন্দৰ্ভত পৰৱৰ্তী কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত।
উল্লেখ্য যে, ক’ভিডৰ বাবে বহুদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে অনলাইন পদ্ধতিৰেহে শিক্ষা প্ৰদান কৰি আছে যদিওঁ এই ব্যৱস্থাই সকলো ছাত্ৰছাত্ৰীকে স্পৰ্শ কৰিব পৰা নাই৷