নতুন এছ অ’ পি প্ৰকাশ
প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় খোলাৰ অনুমতি

ডিজিটেল ডেস্ক,২৮ চেপ্টেম্বৰঃ দীৰ্ঘদিনৰ বন্ধৰ অন্তত অহা ১৯ অক্টোবৰৰ পৰা খোল খাব ৰাজ্যৰ সকলো শিক্ষানুস্থান৷ আজি শিক্ষা বিভাগে প্ৰকাশ কৰা নতুন এছ অ’ পি মতে ১৯ অক্টোবৰৰ পৰা কিছু নিয়ম মানি খুলিব পাৰিব প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়সমূহ৷

এই এছ অ’ পি মতে প্ৰতি সোমবাৰ, বুধবাৰ, শুক্ৰবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ'ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ'ব। বিদ্যালয়ৰ প্ৰধান শিক্ষকে সকলো কোভিড-১৯ প্ৰট'কল মানি চলাটো নিশ্চিত কৰিব লাগিব। এটা শ্ৰেণীত ৩০ জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব। শিক্ষানুষ্ঠানৰ চৌহদত মিটিং আৰু সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব।

একেদৰে পাঠদান চলিব ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ৷ইয়াৰ পূৰ্বেই নৱম আৰু দশম শ্ৰেণীৰ পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছেই৷ইয়াৰ লগে লগে ৰাজ্যখনত প্ৰায় সকলো শিক্ষানুস্থান খোলাৰ বাট মুকলি হ’ল যদিওঁ কোভিডৰ শংকা এতিয়াও আতৰা বুলি কব পৰা হোৱা নাই৷বিদ্যালয়ত পাঠদানৰ লগে লগে অনলাইন পাঠদানো চলি থাকিব৷সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰা নকৰাটো অভিভাৱকৰ ওপৰতে নিৰ্ভৰ কৰিব৷সন্তানক বিদ্যালয়লৈ পঠিওৱাটো বাধ্যতামূলক নহয়৷