newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দল ইউনাইটেডৰ মাজত বিভেদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোন দলে কিমান খন আসনত নিৰ্বাচনী ৰণত নামত, তাক লৈ মতভেদ সৃষ্টি হৈছে৷ 

সোমবাৰে জেডিইউয়ে বিজেপিক ইতিকিং কৰি কয় যে বিজেপিৰ নেতাই বিতৰ্কিত চৰ্চা লাভত নিয়ন্ত্ৰণ ৰাখিব পাৰিলেহে ভাল হ’ব৷

জেডিইউৰ নেতা সঞ্জয় সিঙে কয়, প্ৰদেশ বিজেপিৰ যিসকল নেতাই চৰ্চা লাভ কৰিব বিচাৰে, তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি জৰুৰী৷ ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনৰ মাজত বৃহৎ পাৰ্থক্য আছে৷ বিজেপিয়ে জানে যে তেওঁলোকে নীতিশ কুমাৰ অবিহনে জয়লাভ কৰিব নোৱাৰে৷ সহযোগীয়ে যদি নিবিচাৰে তেন্তে বিজেপিয়ে ৪০ খনত অকলে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ব পাৰিব বুলিও কয় সঞ্জয় সিঙে৷

জেডিইউৰ প্ৰবক্তাগৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে বিজেপিও৷ বিহাৰৰ বিজেপিৰ জ্যেষ্ঠ নেতা গিৰিৰাজ সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘বিহাৰত নীতিশ কুমাৰেই বিজেপিৰ পৰিচয় নহয়৷ বিহাৰত যি কোনো লোকেই বিজেপিৰ প্ৰধান হ’ব পাৰে৷’ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম লৈয়ে আগন্তক নিৰ্বাচনত যুঁজ দিব বুলিও স্পষ্ট কৰি দিয়ে গিৰিৰাজ সিঙে৷

এনডিএৰ মিত্ৰতাত আসনৰ ভাগ বতোৱাৰক লৈ আলোচনা চলা নাই৷ কিন্তু দুয়োটা দলৰ মাজত বিভেদ স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে৷ দুয়োটা দলে উচিত সময়ত আসনৰ ভাগ বতোৱাৰা কৰি লোৱা উচিত বুলি চৰ্চা চলিছে যাতে পৰৱৰ্তী সময়ত দুয়োটা দলৰ মাজত থকা বিভেদ বাঢ়ি নাযায়৷