পুত্ৰসম প্ৰেমিকৰ বুকুৰ উম লৈছিল পাকিস্তানৰ সম্ৰাজ্ঞীয়ে

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ লণ্ডনৰ ৰাজকাৰেঙত প্ৰেমাস্পদৰ বাহুবন্ধনত ৰাত্ৰি যাপন কৰিছিল প্ৰাচ্যৰ জীয়ৰীয়ে। পুত্ৰৰ বয়সৰ প্ৰেমিকৰ সংগত জীপাল হৈ পৰিছিল বেনজিৰ ভূট্টোৰ হৃদয়। প্ৰাচ্যৰ জীয়ৰী হিচাপে বিশ্বই স্বীকৃতি দিয়া পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ওমৰ নামৰ প্ৰেমিকৰ সংগসুখ বিচাৰিয়েই উপস্থিত হৈছিল ইংলেণ্ডত। 

কোমলমতীয়া যুৱকজনৰ কণ্ঠলগ্না হৈ দিন কটাইছিল সুন্দৰী বেনজিৰে। লণ্ডনত থকা ভূট্টো পৰিয়ালৰ ৰকউড পেলেচৰ অভ্যন্তৰৰ এই গোপন অভিসাৰৰ কথা লুকুৱাবলৈ তেওঁ সক্ষম হৈছিল। পাকিস্তানী জনতাৰ হৃদয়ৰ ৰাণী বেনজিৰৰ দেহৰ ভোক নিবাৰণৰ গোপন কাহিনী এতিয়াহে প্ৰকাশ পাইছে।

২০০৭ চনত পাকিস্তানত সন্ত্ৰাসবাদীয়ে হত্যা কৰা বেনজিৰ পাৰিবাৰিক জীৱনক লৈ সুখী নাছিল। স্বামী আছিফ আলি জৰ্দাৰীয়ে সুখী কৰিব পৰা নাছিল নেত্ৰীগৰাকীক। দীৰ্ঘদিন স্বদেশৰ বাহিৰত দিন কটোৱা বেনজিৰে লণ্ডনত ক্ৰয় কৰিছিল প্ৰসাদোপম ঘৰ।

সম্প্ৰতি ৰকউড পেলেচ নামৰ কাৰেঙৰ ভিতৰুৱা কাহিনী 'ইনডিচেণ্ট কৰেছপনেণ্টঃ ছিক্ৰেট ছেক্স লাইফ অৱ বেনজিৰ’ নামৰ গ্ৰন্থত প্ৰকাশ কৰিছে লেখক ৰোছন মিৰ্জাই। বেনজিৰৰ দীৰ্ঘকালৰ সহযোগীজনৰ মতে প্ৰেমিক হিচাপে নিজৰ আধা বয়সৰ যুৱককহে বাছনি কৰিছিল প্ৰাচ্যৰ জীয়ৰীয়ে।

আনকি বাৰম্বাৰ বেনজিৰে উক্ত প্ৰসাদত ছেক্স পাৰ্টীৰো আয়োজন কৰিছিল। এনে অনুষ্ঠানত তেওঁৰ সহযোগী আছিল আমেৰিকাত নিয়োজিত পাক কূটনীতিবিদ শ্বেৰী ৰহমান। ছেক্স পাৰ্টীৰ অভ্যাগতই হেনো ইজনে সিজনৰ লগত সলনি কৰিছিল নিজৰ পত্নীক। ওৰে নিশা চলা পাৰ্টীত চলিছিল অবাধ ব্যাভিচাৰ।

সেইসময়ত বেনজিৰ প্ৰায়ে অৰ্ধবসনা হৈ আবদ্ধ আছিল ওমৰ নামৰ মৰক্কোৰ যুৱকজনৰ বাহুবন্ধনত। বেনজিৰৰ সৈতে নিবিড় ৰাত্ৰি যাপনৰ কথা নিজমুখে ওমৰে স্বীকাৰ কৰিছে। পাকিস্তানত থকা সময়তো বেনজিৰৰে সম্পৰ্ক ৰাখিছিল তেওঁ।

সচৰাচৰ পাকিস্তানত ৰক্ষণশীল সাজ পৰিধান কৰিছিল বেনজিৰে। পিছে লণ্ডনত দেহৰ কমনীয়তা উদঙাবলৈ তেওঁ উদবাউল আছিল। সুঠাম দেহ প্ৰকট কৰি সুন্দৰ যুৱকক বেনজিৰে আকৰ্ষণ কৰিছিল। কম সময়তে সলনি কৰিছিল কেবাজনো শয্যাসংগী।

উৎসঃ ডেইলী মেইল, দৈনিক ভাস্কৰ