প্ৰতীকি ফটো
প্ৰতীকি ফটো

চৰাইদেউঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধীনত চৰাইদেউ, লাকুৱা, মৰাণ, বৰহাট, বৰুৱাছালি আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত সমিতিসমূহৰ এখন প্ৰতিনিধিমূলক সভা সোণাৰি নগৰৰ বয়োজ্যেষ্ঠ নাগৰিক বংশী শ্যামৰ সভাপতিত্বত অনুষ্ঠিত হয়।

এই সভাত কেন্দ্ৰীয় সমিতিৰ শিক্ষা সচিব দিলীপ বুঢ়াগোহাঁইদেৱে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লক্ষ্য, উদ্দেশ্য, সাংগঠনিক স্থিতি আৰু অসম চৰকাৰে জ্যেষ্ঠসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আচঁনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

সভাত চৰাইদেউ জিলাৰ ৰাজ্যিক সদস্য লোকনাথ বুঢ়াগোহাঁই আৰু যোগেন্দ্ৰ নাথ বুঢ়াগোঁহাইদেৱে প্ৰশাসনিকভাৱে চৰাইদেউ জিলা গঠন হোৱাত, জ্যেষ্ঠ নাগৰিকৰ চৰাইদেউ জিলা সমিতি গঠন সন্দৰ্ভত বক্তব্য ৰাখে। সভাত শাখাসমূহৰ প্ৰতিনিধিত্ব কৰা অতুল ৰাজখোৱা, উমেশ ৰাজকোঁৱৰকে  আদি কৰি কেইবাগৰাকী প্ৰতিনিধিয়ে সাংবিধানিক আৰু প্ৰশাসনিকভাৱে চৰাইদেউ জিলা সমিতি গঠনৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰি বক্তব্য আগবঢ়ায়।

চৰাইদেউ জিলাৰ সাতখন সমিতিৰ বৰ্তমান শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত হৈ আছে। আটাইকেইখন সমিতিৰ সহমতত বংশী শ্যামক সভাপতি, লোকনাথ বুঢ়াগোঁহাইক কাৰ্য্যকৰী সভাপতি, উমেশ ৰাজকোঁৱৰক উপ-সভাপতি, ললিত ফুকনক সম্পাদক আৰু বুদ্ধেশ্বৰ ৰাজকোঁৱৰক সহকাৰী সম্পাদক হিচাপে লৈ চৰাইদেউ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তদৰ্থ সমিতি গঠন কৰা হয়।

উল্লেখযোগ্য যে, সোণাৰি নগৰ জ্যেষ্ঠ নাগৰিক মঞ্চই জিলা সমিতিৰ অন্তৰ্ভুক্ত হোৱাৰ আশ্বাস দিয়ে। সভাত চলিত বৰ্ষৰ জুন মাহত অভিৱৰ্ত্তন পাতি পূৰ্ণাংগ জিলা সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।