কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ প্ৰাক্তন উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথে (৪৭) ২৫ জানুৱাৰীৰ নিশা ৯:৪৫ মান বজাত ইহলীলা সম্বৰণ কৰে। দৈনিক অসম কাকতৰ পৰা নব্বৈৰ দশকতে সাংবাদিকতা আৰম্ভ কৰা গোবিন্দ নাথে পৰ্যায়ক্ৰমে দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি, আমাৰ অসম আদিকে ধৰি কেবাখনো কাকতত কোকৰাঝাৰৰ পৰা সংবাদসেৱা আগবঢ়াইছিল। তদুপৰি জিলাখনৰ পৰা প্ৰকাশিত গণচেতনা নামৰ অধুনালুপ্ত কাকতখনৰ সম্পাদকৰ দায়িত্বত আছিল। জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই কোকৰাঝাৰৰ একাংশ সংবাদকৰ্মী চিকিৎসালয়ত ভিৰ কৰেহি আৰু শোকত ম্ৰিয়মান হৈ পৰে।                 

গোবিন্দ নাথৰ মৃত্যু সংবাদজগতৰ লগতে সমাজৰ বাবে অপুৰণীয় ক্ষতিঃ বিটিএডি নাথ যোগী সন্মিলনী 

উল্লেখ্য যে নব্বৈৰ দশকত সন্ত্ৰাসবাদে জুৰুলা কৰাৰ সময়ছোৱাতে জিলাখনৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে সংবাদসেৱাৰ বাবে ওলাই আহে। এইচাম যুৱকৰ মাজৰে অন্যতম হিচাপে পৰিচিত আছিল গোৱিন্দ নাথ। যিসময়ত কোকৰাঝাৰত ফেক্স সেৱাই আৰম্ভ হোৱা নাছিল, তেনে সময়তে গোৱিন্দ নাথৰ দৰে কেইগৰাকীমান সাহসী যুৱ সাংবাদিকে অতি প্ৰত্যাহ্বানেৰে আৰম্ভ কৰিছিল সংবাদসেৱা। বহু ঘাত-প্ৰতিঘাত আৰু জীৱনৰ ভাবুকিকো নেওচি গোৱিন্দ নাথে নব্বৈৰ দশকৰ পৰা নিৰবচ্ছিন্নভাৱে সংবাদসেৱা আগবঢ়োৱাৰ অন্তত ইহলীলা সম্বৰণ কৰাত কোকৰাঝাৰত গভীৰ শোকৰ ছাঁ পৰিছে। 

জ্যেষ্ঠ সাংবাদিক নাথৰ মৃত্যুত কোকৰাঝাৰ প্ৰেছ ক্লাব, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ, সম্পাদক ধনঞ্জয় নাথ, এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ, সম্পাদক অৰবিন্দ নাথ, ইউপিএলএলৰ সভাপতি তথা প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, আদিৱাসী জাতীয় মহাসভা (সংগ্ৰামী গোট)ৰ সভাপতি বয়েল হেমব্ৰম, সম্পাদক বীৰসিং মুণ্ডা, আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী, এম কে এজেন্সীৰ স্বত্বাধিকাৰী মলয় কান্তি সোমকে ধৰি বহু দল-সংগঠন আৰু ব্যাক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। 

নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত মৃতকৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে একমিনিট মৌন প্ৰাৰ্থনা কৰা হয়। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰীতম ব্ৰহ্ম চৌধুৰী আৰু সম্পাদক হৰিশংকৰ ঠাকুৰে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে। কোকৰাঝাৰৰ সংবাদকৰ্মীসকলে এগৰাকী অভিভাৱকক হেৰুৱালে বুলিও সম্পাদক ঠাকুৰে মন্তব্য কৰে। কোকৰাঝাৰৰ প্ৰেছ ক্লাবৰ সদস্যসকলে গোৱিন্দ নাথৰ ভোটগাঁও টিলাপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে। বহু গুণমুগ্ধৰ উপস্থিতিত আজি ভোটগাঁও শ্মশানত অনুষ্ঠিত হোৱা অন্তোষ্টিক্ৰিয়া অনুষ্ঠানতো কোকৰাঝাৰৰ প্ৰেছ ক্লাবৰ প্ৰতিনিধি উপস্থিত থাকি শেষ শ্ৰদ্ধা নিবেদন কৰে। 

ইপিনে বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ আৰু সম্পাদক ধনঞ্জয় নাথে জ্যেষ্ঠ সাংবাদিক তথা সন্মিলনীৰ উপদেষ্ঠা গোৱিন্দ নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সংবাদগোষ্ঠীয়ে এগৰাকী নিৰ্ভীক, বলিষ্ঠ লিখনিৰ অধিকাৰী সাংবাদিকক হেৰুৱালে বুলি মন্তব্য কৰে। নাথ-যোগী সমাজৰ বাবেও  গোৱিন্দ নাথৰ মৃত্যু অপুৰণীয় ক্ষতি বুলি মন্তব্য প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালটোলৈ সুদৃষ্টিৰে চাবলৈ চৰকাৰলৈ আহ্বান জনায়। জ্যেষ্ঠ সাংবাদিক গোৱিন্দ নাথে মৃত্যুৰ পূৰ্বে পত্নি, এগৰাকী পুত্ৰ আৰু কন্যা সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায়।