ছিপাঝাৰঃ স্বাধীন অসমৰ অলীক স্বপ্নত বিভোৰ এজন যুৱকৰ মৃত্যুৰ খবৰে জোকাৰি গৈছে ছিপাঝাৰৰ লগতে সমগ্ৰ দৰং জিলাক। স্বাধীন অসমৰ সপোনত বিভোৰ যুৱকজনক মাত্ৰ এমাহ পূৰ্বে যেন মৃত্যুৱে মাতি লৈ গৈছিল। মাতৃহাৰা যুৱকজনে এইবাৰ বুকু শুদা কৰি থৈ গ’ল পিতৃ আৰু একমাত্ৰ ভনীয়েকৰ।
ম্যানমাৰত আলফা (স্বাধীন)ৰ শিবিৰত হোৱা আক্ৰমণত দৰং জিলাৰ ছিপাঝাৰৰ ভাস্কৰজ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসম নিহত হোৱাৰ খবৰে অঞ্চলবাসীক শোক বিহ্বল কৰি তুলিছে। স্নাতক তৃতীয় ষাণ্মাসিকত অধ্যয়ন কৰি থকাৰ মাজতে অধ্যয়ন সামৰি হঠাৎ সন্ধানহীন হোৱা যুৱকজনৰ আলফা শিবিৰত সংঘটিত আক্ৰমণত নিহত হোৱাৰ খবৰ লাভ কৰি পৰিয়াল তথা অঞ্চলবাসী হতচকিত হৈ পৰিছে।
আজি পুৱা আলফা (স্বাধীন) সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাপন্থী আলফা প্ৰাণজিৎ শইকীয়াক ফোনযোগে ভাস্কৰজ্যোতি নাথ নিহত হোৱাৰ খবৰ দিয়াৰ পাছতে ভাস্কৰজ্যোতি নাথৰ পিতৃ, ভগ্নী আৰু গাওবাসী শোকত ভাগি পৰে। স্মৰ্তব্য যে চলিত বৰ্ষৰ ১০ জুনৰ পৰা সন্ধানহীন হৈ আছিল ছিপাঝাৰ সাতঘৰীয়া (কদমতলি) গাঁৱৰ কুশল নাথ আৰু প্ৰয়াত মামনী দেৱীৰ একমাত্ৰ পুত্ৰ ভাস্কৰজ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসম।
গুৱাহাটীৰ কোম্পানীলৈ কামৰ সন্ধানত ওলাই যোৱা দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ সন্তান ভাস্কৰজ্যোতি নাথে আলফা (স্বাধীন)ত যোগদান কৰা বুলি পিতৃয়ে ঘূণাক্ষৰেও জনা নাছিল। বৰং তেওঁ পুত্ৰ সন্ধানহীন হোৱা সম্পৰ্কত পূৰ্বে ছিপাঝাৰ থানাত দাখিল কৰিছিল এজাহাৰ। প্ৰণিধানযোগ্য যে ম্যানমাৰ শিবিৰত নিহত ভাস্কৰজ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসমে মঙলদৈ পুনিয়াৰ জিণ্টু নাথ নামৰ এগৰাকী বন্ধুৰ সৈতে কামৰ সন্ধানত ওলাই গৈ সন্ধানহীন হৈ পৰিছিল বুলি পৰিয়ালৰ ভাষ্যত প্ৰকাশ।
ইফালে, আলোচনাপন্থী আলফা প্ৰাণজিৎ শইকীয়াই আজি ভাস্কৰজ্যোতি নাথৰ গৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয়, “সংযুক্ত মুক্তি বাহিনী অসমলৈ এতিয়াও বিভিন্ন স্থানৰ পৰা ল’ৰা গৈ আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ পদক্ষেপ লোৱা বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল। আলফা-চৰকাৰৰ আলোচনাৰ জৰিয়তে অসম-ভাৰত সংঘাতৰ এক মীমাংসা হ’ব বুলি ৰাইজেও আশা কৰিছিল। কিন্তু এই আক্ৰমণে শান্তি আলোচনাৰ পৰিৱেশ বিঘ্নিত কৰিব পাৰে।”