পাঞ্জাৱৰ এক নিৰ্বাচনী সমাৱেশত যোৱাত বাধা কৃষকৰ

গুৱাহাটী,৬ জানুৱাৰীঃ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিশত ব্যৰ্থতাৰ নজিৰ ৰাখি এক অস্বস্তিকৰ ঘটনা সংঘটিত হ’ল যোৱাকালি পাঞ্জাৱত৷যোৱাকালি এক সমাৱেশত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থকাৰ কথা আছিল যদিওঁ কৃষকৰ বিদ্ৰোহৰ বাবেই এই সমাৱেশ বাতিল কৰিব লগা হোবাৰ উপৰিওঁ প্ৰধানমন্ত্ৰীগৰাকী আধা পথৰ পৰাই উভতিব লগা হোৱা বিষয়টোৱে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ উল্লেখযোগ্য যে বহু বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো পাঞ্জাৱ ভ্ৰমণ। কিন্তু পাঞ্জাৱত ভৰি দিয়াৰ পাছতে তেওঁ কৃষক বিদ্ৰোহৰ সন্মুখীন হ’বলগীয়া হয় ৷
পূৰ্ব পৰিকল্পিতমতে প্ৰধানমন্ত্ৰীয়ে আকাশী পথেৰে গৈ ফিৰোজপুৰৰ এক নিৰ্বাচনী সভাত অংশ লোৱা কথা আছিল যদিওঁ,প্ৰতিকুল বতৰৰ বাবে স্থলপথেৰে প্ৰধানমন্ত্ৰীগৰাকীক লৈ যোৱাৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ কনভয় হুছেনীৱালা অভিমুখে গৈ থকা অৱস্থাত কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ(কেএমএছচি) সদস্যসকলে পথ অৱৰোধ কৰে। ফলত প্ৰায় ১৫-২০ মিনিট সময় ধৰি এখন ফ্লাই অভাৰত আৱদ্ধ হৈ থাকিবলগীয়া হয় প্ৰধানমন্ত্ৰীগৰাকী। অৱশ্যে, কৃষকসকলক তেওঁলোকৰ দাবীৰ বিষয়ে ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ আশ্বাস দিয়াৰ পিছত প্ৰতিবাদৰ সামৰণি পেলায় ।

ঘটনাটোৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কয় যে, “হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উপস্থিত হৈছিল, তেতিয়াই দেখা গৈছিল পথটো কিছুমান প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছিল। প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে উৰণীয়া সেঁতুত আৱদ্ধ হৈ আছিল। এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ভূল আছিল” । কেন্দ্ৰীয় চৰকাৰে এই ভুলৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীক ভাতিণ্ডা বিমানবন্দৰলৈ লৈ যোৱা হয় আৰু তাৰ পৰা তেওঁ দিল্লীলৈ উভতি যায়৷প্ৰধানমন্ত্ৰী গৰাকীয়ে বিমানবন্দৰৰ এগৰাকী বিষয়াক কয়“তোমালোকৰ মূখ্যমন্ত্ৰীক ধন্যবাদ দিবা,মই জীয়াই উভতি আহিলোঁ৷“

প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত থকা নিশ্চিদ্ৰ নিৰাপত্তাৰ এই ব্যৰ্থতাৰ বাবে দায়ী কোন?