ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন আগশাৰীৰ স্পা ৷ স্পা খন খুবেই জনপ্ৰিয়৷ স্পা খনৰ নাম হৈছে ‘মছাজ এম্বি’৷ সমগ্ৰ দেশ খনতে এই মছাজ এম্বিৰ মুঠ ১২০০ খন স্পাৰ পাৰ্লাৰ আছে৷ বহু নামি-দামি তথা লোকৰ আহ-যাহ হয় স্পা খনত। 

ভাগৰুৱা শৰীৰত সবল কৰিবলৈ ভাগৰ কমাবলৈ মালিছৰ সহায়ত অলপ বিশ্ৰামৰ বাবে আহে লোকসকলে৷ এই স্পা খনৰ এটা খবৰ ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াত মালিছৰ নামত হয় যৌন শোষন৷ এগৰাকী দুগৰাকী নহয় প্ৰায় ১৮০ গৰাকী মহিলাই এই মাছাজ পাৰ্লাৰ খনৰ বিৰুদ্ধে আনিছে যৌন শোষণ কৰাৰ অভিযোগ। মহিলা সকলে গোচৰো তৰে৷ 

চুজেন ইংগ্ৰাম নামৰ এগৰাকী মহিলা প্ৰায়ে যায় এই স্পাত মালিছ লবলৈ আহে৷ পিছে সপ্তম বাৰ আহোতে ঘটিল অঘটন৷ মালিছ দি থকাৰ মাজতে অনৈতিক কাৰ্য কৰাৰ চেষ্টা চলাই মালিছ দিওতাই৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই স্পাৰ ভিতৰত থকা বিভিন্ন পাৰ্লাৰত ১৮০ গৰাকী মহিলাৰ ওপৰত যৌন শোষণ কৰা হৈছিল৷

উল্লেখযোগ্য যে, চুজেনক যিজন জেমছ ডীটৰ নামৰ ব্যক্তিয়ে এনে কাণ্ড সংঘটিত কৰিছিল সেই ব্যক্তিজনে ইয়াৰ পূৰ্বে আৰু চাৰি গৰাকী মহিলাৰ ওপৰত যৌন আতিশয্য চলোৱা বুলি স্বীকাৰ কৰে৷ বাতৰিত প্ৰকাশ পোৱা অনুসৰি, যেতিয়া অভিযুক্তজনৰ বিৰুদ্ধে স্পা খনত অভিযোগ দিয়া হৈছিল তেতিয়া স্পা খনে অভিযোগ মানি ল’বলৈ অমান্তি হয় আৰু একো শাস্তিৰ ব্যৱস্থাও গ্ৰহণ নকৰে অভিযুক্তৰ বিৰুদ্ধে৷

অভিযোগ উত্থাপন কৰা মহিলা সকলক কোনো বস্তুৰ অফাৰহে দিয়া হয় নতুবা উপহাৰ স্বৰূপে দামী বস্তু দিয়া হয়৷ অৱশেষত সাহসী মহিলা চুজেনে শেষত আৰক্ষীৰ ওচৰত গোচৰ তৰে৷ কিন্তু ন্যায়ালয়ত শুনানিৰ দিনটোত একাংশ মহিলাৰে বুজাপৰা কৰে অভিযুক্তই। শেষত কেৱল মাত্ৰ ৯ গৰাকী মহিলাৰ বিৰুদ্ধে যৌন শোষণৰ অপৰাধত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড বিহা হয়৷