গুৱাহাটীঃ অসম চৰকাৰে স্থাপন কৰা আদৰ্শ বিদ্যালয় সমূহত ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক শিক্ষক হিচাপে নিযুক্তি দিব খোজা সিদ্ধানক তীব্ৰ বিৰোধিতা কৰিছে এছএফআই অসম ৰাজ্যিক সমিতিয়ে৷

এক বিবৃতি যোগে এছএফআইৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক নিৰঙ্কুশ নাথ আৰু সভাপতি কাশ্যপ ছৌধুৰীয়ে মাতৃভাষাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা যুৱক-যুৱতীক বঞ্চিত কৰি ইংৰাজী মাধ্যমৰ যুৱক-যুৱতীক নিযুক্তি দিব খোজা সিদ্ধান্তক কঠোৰ ভাষাৰে নিন্দা কৰে৷

ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে এয়া চৰকাৰৰ মাতৃভাষা আৰু ৰাজহুৱা শিক্ষা বিৰোধী সিদ্ধান্ত বুলি অভিহিত কৰিছে। আদৰ্শ বিদ্যালয়সমূহ ছেবাৰ সলনি চিবিএছইৰ অন্তৰ্গত হ’ব। ইয়াৰ মূল উদ্দেশ্য ছেবাৰ গুৰুত্ব লঘু কৰা আৰু শিক্ষাৰ কেন্দ্ৰিয়কৰণৰ নীতিৰ দিশে ক্ষিপ্ৰ  গতিৰে অগ্ৰসৰ হোৱা।

এক বৃহৎ অংশৰ মাতৃভাষাত অধ্যয়নৰত যোগ্য যুৱক-যুৱতীক প্ৰতাৰণা কৰি কেৱল ইংৰাজী মাধ্যমত অধ্যয়ন কৰা সকলক শিক্ষকৰ বাবে আবেদনৰ সুযোগ দিয়াটো চৰম অপমানজনক বুলিও কয় সংগঠনটোৱে।

ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক অসমীয়া মাধ্যমত পঢ়ি অহা শিক্ষকে পঢ়াব নোৱাৰিব বুলি ধৰি লোৱা ধাৰণাটো সম্পূৰ্ণ বিভ্ৰান্তিমূলক, কিয়নো বেছিভাগ ইংৰাজী মাধ্যয়মৰ স্কুলত অসমীয়া মাধ্যমত পঢ়ি অহা লোকে শিক্ষক হিচাপে পাঠদান কৰি আহিছে।

এই সিদ্ধান্ত বাতিল কৰি সকলোকে সমান সুযোগ দিয়াৰ দাবী কৰে অন্যথাই  জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনৰ এনে জাতিদ্ৰোহী অসম বিৰোধী পদক্ষেপৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।