newsnextone.com | ডিজিটেল ডেস্কঃ এনচিপি প্ৰধান শাৰদ পাৱাৰে বিৰোধী একত্ৰিত হোৱাৰ এয়াই উপযুক্ত সময় বুলি কয়৷ সোমবাৰে শাৰদ পাৱাৰে উপ-নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়বৰণ সৰু কথা নহয় বুলি কয়৷ পাৱাৰে গেৰুৱা দলৰ বিৰুদ্ধে বিৰোধীক এখন মঞ্চত একত্ৰিত হোৱাৰ আহ্বান জনায়৷ তেওঁ নিজেই বিৰোধীক একত্ৰিত কৰাৰ বাবে আগভাগ লবৰ বাবে সাঁজু থকা বুলি কয়৷ দেশত ১৯৭৭ চনৰ দৰে পৰিস্থিতৰ সৃষ্টি হোৱা বুলি কৈ এনে পৰিস্থিতিতে বিৰোধীয়ে ইন্দিৰা গান্ধীক শাসনৰ পৰা বিতাড়িত কৰিছিল বুলি কয়৷ 

পাৱাৰে উপ-নিৰ্বাচনৰ ফলাফল বিজেপি বিৰুদ্ধে যোৱা বুলি কৈ এয়া কোনো সৰু কথা নহয়৷ পাৱাৰে এই মন্তব্য উপ-নিৰ্বাচনত নিজ দল এনচিপিৰ পৰা জয়ী হোৱা ভাণ্ডাৰা-গন্ধীয়াৰ নৱ নিৰ্বাচিত সাংসদক সাক্ষাৎ কৰাৰ পিছত প্ৰকাশ কৰে৷

১৯৭৭ চনত বিৰোধীয়ে ইন্দিৰা গান্ধীক শাসনৰ পৰা বিতাড়িত কৰাৰ কথা উল্লেখ কৰি বিৰোধী একত্ৰিত হোৱাৰ পৰিনামত ইন্দিৰা গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছৰ পৰাজয় বৰণ কৰিছিল আৰু এতিয়াও তেনেই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কয় পাৱাৰে৷ পাৱাৰে কয় ‘‘গণতন্ত্ৰত বিশ্বাসী বিজেপি বিৰোধী দলক ৰাইজৰ আকাংক্ষাক ধ্যান দি এখন মঞ্চত একত্ৰিত হ’ব লাগে৷’’

বৰ্তমান ৰাজ্যত শক্তিশালী ভূমিকাত থকা দল সমূহ কেৰালত বাম মৰ্চা, কৰ্ণাটকত জেডিএছ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, মহাৰাষ্ট্ৰত কংগ্ৰেছ, অন্ধ্ৰপ্ৰদেশত টিডিপি, তেলেংগানাত টিআৰএছ, পশ্চিম বংগত তৃণমূল, মহাৰাষ্ট্ৰত এনচিপিয়ে সহমতত উপনীত হ’ব লাগে৷ যোৱা সপ্তাহত লোকসভা আৰু বিধান সমষ্টিৰ ১৪ খন আসনত বিৰোধী জয়ী হয় আৰু শাসকীয় দল মাত্ৰ তিন খন আসনয়ত জয়ী হয়৷ 

এনচিপিৰ নেতাগৰাকীয়ে অহা বছৰৰ নিৰ্বাচনত তেওঁৰ নেতৃত্বত বিৰোধী দল একত্ৰিত হলে আনন্দিত হ’ব বুলি কয়৷ তেওঁ কয় মই বহু নিৰ্বাচন দেখিছো কিন্তু ক্ষমতাৰ এনে অপব্যৱহাৰ দেখা নাই৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত উপ-নিৰ্বাবচনত বহু ইভিএম বিজুটি ঘটিছিল৷ নিৰ্বাচন আয়োগক অভিযোগ দিয়াত উপায়ুক্তক বদলি কৰিব লগা হয়৷ অভিযোগ দিছিল বিৰোধী দলে৷ ৪০টাকৈ ভোট কেন্দ্ৰত ইভিএম বিজুটি সন্দৰ্ভত পাৱাৰে কয় ‘‘নিৰ্বাচন আয়োগে জিলা উপায়ুক্তক ৮-১০ বছৰ নিৰ্বাচনৰ কোনো দায়িত্বত নিদিয়ে৷ এনে ধৰণৰ উচ্চ পদস্থ বিষয়াক এনেধৰণৰ সেৱাত ৰাখিব নালাগে আৰু এনে বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিব লাগে৷’’