newsnextone.com | ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা তথা বিজেপিৰ সাংসদ শত্ৰুঘ্না সিনহাই শেহতীয়াকৈ নিজ দলৰ বিৰুদ্ধে বাৰে বাৰে বিস্ফোৰণ ঘটায় আহিছে৷ একপ্ৰকাৰ বিজেপিৰ বিসম্বাদী নেতা হিচাপে পৰিচিত হৈ পৰিছে সিনহা৷ এতিয়া প্ৰতিদিনে বিজেপিৰ শীৰ্ষনেতাক তীব্ৰ আক্ৰমণ কৰাটো যেন অভিনেতা সিনহাৰ বাবে সাধাৰণ কথা হৈ পৰিছে৷ বিজেপিৰ বিভিন্ন অনুষ্ঠানত আমন্ত্ৰণ নজনোৱা, নিজ সমষ্টি বিহাৰৰ পাটনা চাহেবত বিজেপিয়ে বিশেষ অনুষ্ঠান আয়োজন কৰি খবৰ নিদিয়া, মৰ্যদা লাভ নকৰা আদিকে ধৰি কেইবাটাও কথাৰ বাবে নিজৰেই দল বিজেপিৰ বিৰুদ্ধে নাৰাজ শত্ৰুঘ্না৷
কিছুদিন পূৰ্বে এটা হিন্দী ভাষাৰ ৰাষ্ট্ৰীয় নিউজ চেনেলত দিয়া এটা সাক্ষাৎকাৰত কয় যে যদি মই নাৰাজ তাৰ পিছত কিবা কাৰণ থাকিব৷ এনেয়ে কোনোবাই আপোনজনৰ বিৰুদ্ধে নাৰাজ নহয়৷ বিহাৰৰ নিৰ্বাচনত প্ৰচাৰৰ সময়ত আৰু বিভিন্ন কাৰ্যসূচীত তেওঁক আমন্ত্ৰণ নকৰা বুলি কয়৷ তাৰ বাবে মোৰ বেয়া লাগিব বুলিও কয়৷