newsnextone.com | ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা তথা বিজেপিৰ সাংসদ শত্ৰুঘ্না সিনহাই শেহতীয়াকৈ নিজ দলৰ বিৰুদ্ধে বাৰে বাৰে বিস্ফোৰণ ঘটায় আহিছে৷ একপ্ৰকাৰ বিজেপিৰ বিসম্বাদী নেতা হিচাপে পৰিচিত হৈ পৰিছে সিনহা৷ এতিয়া প্ৰতিদিনে বিজেপিৰ শীৰ্ষনেতাক তীব্ৰ আক্ৰমণ কৰাটো যেন অভিনেতা সিনহাৰ বাবে সাধাৰণ কথা হৈ পৰিছে৷ বিজেপিৰ বিভিন্ন অনুষ্ঠানত আমন্ত্ৰণ নজনোৱা, নিজ সমষ্টি বিহাৰৰ পাটনা চাহেবত বিজেপিয়ে বিশেষ অনুষ্ঠান আয়োজন কৰি খবৰ নিদিয়া, মৰ্যদা লাভ নকৰা আদিকে ধৰি কেইবাটাও কথাৰ বাবে নিজৰেই দল বিজেপিৰ বিৰুদ্ধে নাৰাজ শত্ৰুঘ্না৷

কিছুদিন পূৰ্বে এটা হিন্দী ভাষাৰ ৰাষ্ট্ৰীয় নিউজ চেনেলত দিয়া এটা সাক্ষাৎকাৰত কয় যে যদি মই নাৰাজ তাৰ পিছত কিবা কাৰণ থাকিব৷ এনেয়ে কোনোবাই আপোনজনৰ বিৰুদ্ধে নাৰাজ নহয়৷ বিহাৰৰ নিৰ্বাচনত প্ৰচাৰৰ সময়ত আৰু বিভিন্ন কাৰ্যসূচীত তেওঁক আমন্ত্ৰণ নকৰা বুলি কয়৷ তাৰ বাবে মোৰ বেয়া লাগিব বুলিও কয়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশাংসা কৰি মোডীক বহু ভাল মানুহ আখ্যা দিয়ে৷ মোডীয়ে বহুমূলীয়া সময় উলিয়াই পুত্ৰৰ বিয়াত মুম্বাইলৈ অহা বুলি কয়৷ প্ৰধানমন্ত্ৰীৰ সৈতে বহু ভুল আঁতৰ কৰাৰ বাবে চেষ্টা কৰা বুলি কৈ কিছুমান মানুহৰ বাবে একো ন’হল বুলি কয়৷

ইয়াৰ লগে লগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি কয় যে যোগী মোৰ ভাল বন্ধু৷ নিৰ্বাচনৰ সময়ত বিশেষ ভাৱে উত্তৰ প্ৰদেশলৈ গৈছিলো৷ এতিয়া যোগী সলনি হোৱা যেন লাগে৷ যোগীয়ে জানিব কোনটো কথাৰ বাবে নাৰাজ হৈছে৷

বিজেপিয়ে এৰাৰ কথা নুই কৰে সিনহাই৷ বিজেপি মোৰ প্ৰথম আৰু অন্তিম দল৷ মই বিজেপিত তেতিয়াৰ পৰা আছোঁ যেতিয়া দলৰ মাথো দুগৰাকী সাংসদ আছিল৷ দল এৰাৰ বাবে প্ৰশ্নই উত্থাপন হ’বই নোৱাৰে৷ যদি মোক দলে উলিয়াই দিলে দুখ নিশ্চয় লাগিব৷

লালু প্ৰসাদ যাদৱৰ দল আৰজেডিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত কয় যে লালু এগৰাকী লোকপ্ৰিয় নেতা৷ কিন্তু তেওঁ এতিয়া শাস্তি ভোগ কৰি আছে৷ কিন্তু মানুহে কয় তেওঁক গো খাদ্যৰ গোচৰত মিছাতে ফচাইছে৷ কিয়নো কোনো মুখ্যমন্ত্ৰীয়ে ৮৬ লাখৰ পৰা ১ কোটিৰ ঘোটালা কৰিব নে৷ যদি মুখ্যমন্ত্ৰীয়ে তেনে কৰিছিল তেন্তে সেই সময়ৰ উপায়ুক্তই কি কৰি আছিল৷ কিন্তু এই কাণ্ডৰ আদালতৰ ৰায় আহিছে আমি আদালতৰ ৰায়ত সন্মান কৰো৷ লালুৰ পৰিয়ালৰ জনপ্ৰিয়তা কোনো ধুমুহাতকৈ কম নহয়৷ লালুৰ পুত্ৰ তেজস্বীৰ পিছত যুৱ প্ৰজন্ম পাগল৷ তেজস্বীৰ ব্যাপক প্ৰভাৱ হৈছে৷ তেজস্বীয়ে কৈছে মই হেনো তেওলোকৰ পৰিয়াল আৰু দলৰ অভিভাৱক৷ আপুনি দল চলাওক৷ কিন্তু লালু আৰু মই দীৰ্ঘ সময়ৰ পৰা বন্ধু৷ কিন্তু মই এতিয়ালৈ কোনো সিদ্ধান্ত নলও৷ কিয়নো সিদ্ধান্ত লবলৈ এয়া উপয়ুক্ত সময় নহয়৷

২০১৯ চনক বিৰোধী একত্ৰি হোৱা সন্দৰ্ভত কয় যে মই কোনো জ্যোতিষ নহয়৷ কিন্তু বিজেপিৰ বাবে বিপদৰ আগজাননী৷ অৰবিন্দ কেজৰিৱালক আমৰণ অনশন কৰাৰ সময়ত চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে সমৰ্থন দিয়া কাৰ্যক অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰাটো নহয় বিৰোধী একত্ৰিত হোৱাটো বেছিকৈ বুজাইছে আৰু বিজেপিৰ বাবে বিপদৰ ঘণ্টা বাজিছে বুলি কয় সিনহাই৷ ৰাষ্ট্ৰীয় অধ্যক্ষই পুৰণি সকলো কথা পাহৰি সকলোকে একত্ৰিত কৰিব লাগিব বুলি কয়৷ আদৱানীক সাক্ষাৎ কৰি আলিংগন কৰক৷ মুৰলী মনোহৰ যোশী, অৰুণ শ্বোৰী, যশৱান্ত সিনহাৰ কিয় আঁতৰ কৰা হৈছে? আমি সকলোৱে একত্ৰিত হৈ বিৰোধীৰ বিৰুদ্ধে থিয় দিও৷ অন্যথাই বিৰোধীৰ একতা বিপদৰ ঘণ্টা হ’ব পাৰে৷