newsnextone.com | ডিজিটেল ডেস্কঃ বয়স ৪৮ বছৰ৷ এই বয়সতে ২২ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিছে এগৰাকী নেপালি চেৰপাই৷ বুধবাৰে এটি বিদেশী দলৰ সৈতে এভাৰেষ্ট শৃংগৰ অভিযান সফলতাৰে সামৰি দেশলৈ উভটে কামি ৰীতা নামৰ নেপালী পৰ্বতাৰোহীগৰাকীয়ে৷ এয়া তেওঁৰ ২২তম এভাৰেষ্ট অভিযান৷

বেছ কেম্পৰ চৰকাৰী বিষয়া জ্ঞানেন্দ্ৰ শ্ৰেষ্ঠাই জনাই যে কামি ৰীতা বদেশী পৰ্বতাৰোহী দল এটাৰ সৈতে তেওঁলোকৰ গাইড হিচাপে এভাৰেষ্টলৈ গৈছিল৷ পাৰদৰ্শীতা আৰু দায়িত্ববোধেৰে বিদেশী পৰ্বতাৰোহী দলটোৰ সংগ দিছিল৷

আনহাতে বিশ্বৰ আটাইতকৈ সফল মহিলা এভাৰেষ্ট আৰোহণকাৰী হিচাপে নিজৰেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ল লাকপা চেৰপাই৷ বুধবাৰে ৯তম এভাৰেষ্ট আৰোহণৰ সফল সামৰণি মাৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে দুঃসাহসী মহিলাগৰাকীয়ে৷ কেৱল সেয়াই নহয়, পৰ্বতৰ সৰ্বোচ্চ শিখৰলৈ আৰোহণ কৰি লাকপাই গঢ়ে অন্য এক অভিলেখ৷

উল্লেখ্য যে, পূৰ্বে ২১ বাৰ এভাৰেষ্টৰ চূড়াত খোজ থৈ সফল অভিযানকাৰীৰ তালিকাত সন্নিৱিষ্ট হৈছিল নেপালৰ বাসিন্দা কামি ৰীতা৷ ২২ বাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে তেওঁ৷ অভিলেখ ভংগ কৰাৰ পিছত এটি সংবাদ মাধ্যমৰ সতে হোৱা সাক্ষাৎকাৰত কামি ৰীতাই কয়, ‘‘ইমানতে মই থমকি ৰ’ব নিবিচাৰো৷ অন্ততঃ আৰু ২ বাৰ মই পৃথিৱীৰ সৰ্বোচ্চ শিখৰটো চুই চাব বিচাৰো৷’’

চেৰপা হৈছে এটা পাহাৰী খাটি খোৱা জাতি৷ যিয়ে হিমালয়ৰ দৰে উচ্চ পাহাৰত অনায়াসে আৰোহণ কৰি আন আন পৰ্বতাৰোহীক বিভিন্ন প্ৰকাৰে সহায় কৰে আৰু বিনিময়ত তেওঁলোকৰ পৰা ধন লয়৷ কামিৰ পিতৃয়ে প্ৰথম পেছাগত ভাৱে চেৰপা হিচাপে নিযুক্ত হৈছিল৷ তেওঁ ১৯৫০ চনত বিদেশী দল তথা পৰ্বতোৰোহীৰ এভাৰেষ্ট অভিযানত সহযোগ আগবঢ়াইছিল৷

উল্লেখ্য যে, কামিৰ পৰিয়ালৰ সকলো সদস্যই এবাৰকৈ হলেও এভাৰেষ্ট জয় কৰিছে৷ ২৪ বছৰ বয়সত কামিয়ে প্ৰথমবাৰ এভাৰেষ্ট অভিযানত অংশ লয়৷ তাৰ পিছৰ পৰাই প্ৰতিবছৰে কামি ৰীতাই এভাৰেষ্ট আৰোহণ কৰি আহিছে৷ কেৱল এভাৰেষ্টেই নহয়, কামিয়ে কে-২, লঠতসে, মানাচলু অভিযানতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷