newsnextone.com | ডিজিটেল ডেস্কঃ বয়স ৪৮ বছৰ৷ এই বয়সতে ২২ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিছে এগৰাকী নেপালি চেৰপাই৷ বুধবাৰে এটি বিদেশী দলৰ সৈতে এভাৰেষ্ট শৃংগৰ অভিযান সফলতাৰে সামৰি দেশলৈ উভটে কামি ৰীতা নামৰ নেপালী পৰ্বতাৰোহীগৰাকীয়ে৷ এয়া তেওঁৰ ২২তম এভাৰেষ্ট অভিযান৷
বেছ কেম্পৰ চৰকাৰী বিষয়া জ্ঞানেন্দ্ৰ শ্ৰেষ্ঠাই জনাই যে কামি ৰীতা বদেশী পৰ্বতাৰোহী দল এটাৰ সৈতে তেওঁলোকৰ গাইড হিচাপে এভাৰেষ্টলৈ গৈছিল৷ পাৰদৰ্শীতা আৰু দায়িত্ববোধেৰে বিদেশী পৰ্বতাৰোহী দলটোৰ সংগ দিছিল৷