তুলসীবাৰীঃ ৯ বছৰীয়া শিৱম বড়োৱে গৌৰৱ কঢ়িয়াই আনিলে ৰঙিয়ালৈ৷ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৯বছৰ অনুৰ্ধৰ কাটা শাখাত সোণৰ পদক জয় কৰে শিৱমে।

গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাৰ ছাউথ পইন্ট স্কুলত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক আই এছ কে এফ মুকলি ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰঙিয়াৰ সন্তান শিৱম বড়োৱে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ল'ৰাৰ ৯বছৰ অনুৰ্ধৰ কাটা শাখাত সোণৰ পদক আৰু কুমিটে শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

শিৱম বড়ো ৰঙিয়াৰ চিৰাখুন্দী গাঁৱৰ কৃষক ৰিংকু বড়ো আৰু জোনালী বড়োৰ দ্বিতীয় সন্তান। ৰঙিয়া কাৰাটে-ডো একাডেমীৰ প্ৰশিক্ষক মনোজ কুমাৰ বড়োৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে শিৱমে।

শিৱম বড়োৱে পদক লাভ কৰাত পিতৃ-মাতৃ তথা অঞ্চলটোৰ লোকসকল উৎসাহিত হৈ পৰিছে। শিৱম ৰঙিয়া তিনিআলিস্থিত জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্রেণীৰ ছাত্ৰ।