newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ মিচৌৰী বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা লাভৰ আশাৰে যোৱা তেলেংগানাৰ শৰৎ কোপ্পু নামৰ ছাত্ৰজনক কনছাচ চহৰৰ এখন ৰেস্তোৰাঁত গুলিয়াই হত্যা কৰা হয়৷ শুকুৰবাৰে সন্ধিয়া এজন বন্দুকধাৰী দুৰ্বৃত্তই ৰেস্তোৰাঁখনত প্ৰৱেশ কৰি গুলিচালনা কৰাত ভাৰতীয় ছাত্ৰজনে প্ৰাণ হেৰুৱায়৷
এই ঘটনাই ভাৰত আৰু আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ছাত্ৰজনক গুলিয়াই হত্যা কৰা অভিযুক্তক কানছাচ আৰক্ষীয়ে চিনাক্ত কৰা বুলি জানিবলৈ দিয়ে৷ শনিবাৰে আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ প্ৰকাশ কৰে৷ চিচিটিভি ফুটেজত দেখা পোৱা মতে, এজন বাদামী আৰু সাধাৰণ ষ্ট্ৰিপ চাৰ্ট পৰিধান কৰা যুৱক ৰোস্তোৰাঁৰ ভিতৰত প্ৰৱেশ কৰে৷ তাত যুৱকজনে কিছু সময় তহল দিয়াৰ পিছত পুনৰ বাহিৰলৈ ওলাই আহে৷