গুৱাহাটীঃ এখন ঘূৰণীয়া টেবুলত তিনিগৰাকী লোক বহি থকা দেখা গৈছে৷ সন্মুখত কেইখনমান প্লেটত ফল-মূল আদি খাদ্য সম্ভাৰ৷ মুঠতে মানুহকেইজনক খাবলৈ বহা বুলি অনুমান কৰিব পাৰি৷ পিন্ধনত দুজনৰ বগা কুৰ্ত্তা আৰু এজনৰ ছাৰ্ট৷ লোককেইজনে বেছ হাঁহি-মাতি থকা দেখা গৈছে৷ প্লেটত ফল-মূল লৈ খাবলৈ বহা লোককেইজন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, পুত্ৰ গৌৰৱ গগৈ আৰু দেশৰ আগশাৰীৰ বাক্তিগত খণ্ডৰ নিউজ চেনেল এন ডি টিভিৰ সাংবাদিক আলোক পাণ্ডে৷ এই দৃশ্য এখন আলোকচিত্ৰৰ৷ 

ফটোখন যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰিছে ৰাজ্যত৷ হঠাৎ চৰ্চালৈ অহা ফটোখন ফেচবুকত নিজৰ টাইমলাইনত আপলোড কৰিছিল ৰাজ্যৰ এটি প্ৰভাৱশালী ৰাজনৈতিক দলৰ এগৰাকী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰগৰাকীয়ে নিতৌ নিজৰ ফেচবুক একাউন্টত বহু ফটো আপলোড কৰে যদিও ইয়াৰ পূৰ্বে কোনো ফটো চৰ্চালৈ অহা নাছিল৷ 

এই ফটোখনে বিশেষ কোনো নোহোৱা-নোপোজা নতুবা গুপুত কথা উদ্ধাৰৰ বাবে চৰ্চালৈ অহা নাই৷ চৰ্চালৈ আহিছে অপৰিপক্কতা, জ্ঞানৰ অভাৱৰ পৰিচয় দিয়াৰ ফলত৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে আন এগৰাকী ১৫ বছৰে ৰাজ্য শাসন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ সৈতে বহি থকা লোকগৰাকীক আৰ এইছ খান বুলি প্ৰকাশ কৰে৷ উত্তৰ কাছাৰৰ ১০০০ কোটিটকীয়া কেলেংকাৰীৰ নায়ক আৰ এইছ খানৰ সৈতে তৰুণ গগৈ আৰু পুত্ৰ গৌৰৱ গগৈ বুলি প্ৰকাশ কৰি Corruption_Connects_The_corrupts বুলি নিজৰ ফেচবুক একাউন্টত আপলোড কৰে৷

 

ইমানে নহয় উত্তৰ কাছাৰ পাৰ্বত্য জিলাত সংঘটিত কেলেংকাৰীৰ স্থান কাৰ্বি আংলং বুলিও উল্লেখ কৰে৷ মঙলবাৰে আপলোড কৰা ফটোখনত একাংশ লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰই কেলেংকাৰীৰ নায়ক বুলি আপলোড কৰা ফটোখন এনডিটিভিৰ সাংবাদিক আলোক পাণ্ডে বুলি কমেণ্ট দিবলৈ আৰম্ভ কৰে৷ আন একাংশ লোকে বেয়াকৈ সমালোচনাও কৰে শ্যামন্তক৷ সমালোচনাৰ কোবত ৰ’ব নোৱাৰি প্ৰায় ডেৰ ঘন্টা পাছত শ্যামন্তই টাইমলাইনৰ পৰা ফটোখন আতৰাই পেলায়৷ লগে লগে উক্ত ফটোখন বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ নেতা দিপাংকৰ শইকীয়াইয়ো নিজৰ অজ্ঞতাৰ পৰিচয় দি আপলোড কৰে নিজৰ ফেচবুকৰ টাইমলাইনত৷ 

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ আন এগৰাকী প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ভালৰি লগাবলৈ এটি টুইট কৰি অৱশেষত স্বেচ্ছাই ডিলিট কৰিব লগা হৈছিল৷ “Neglected over decades, @narendramodi ji @BJP4India have restored pride of Assam. Tail of @airindian plane portrays graceful Bihu dance.”-বুলি টুইট কৰাৰ পাছত ডিলিট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এয়াৰ ইণ্ডিয়াৰ বিমানৰ নেজৰ অংশত থকা বিহু নৃত্যৰ ৰঙীণ ফটো এখনো আপলোড কৰিছিল টুইটত। তেওঁ এয়াৰ ইণ্ডিয়াৰ বিমানত এনেদৰে অসমৰ বিহু নৃত্যৰ ফটো সন্নিবিষ্ট কৰাৰ বাবে সমগ্ৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্পণ কৰাৰ লগতে বিশেষভাৱে ধন্যবাদ জনাই টুইট কৰে মন্ত্ৰীগৰাকীয়ে। 

কিন্তু তৎমুহূৰ্ততে টুইটাৰ ইউজাৰসকলে তেওঁক জনাই যে ২০১৪ চন অৰ্থাৎ কেন্দ্ৰত এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পূৰ্বেই এয়াৰ ইণ্ডিয়াই বিমানত অসমৰ বিহু নৃত্যৰ ফটো সন্নিবিষ্ট কৰিছিল। ৰাজু দাস নামৰ এজন টুইটাৰ ইউজাৰে প্ৰমাণসহ সেই ফটোখন যে ২০০৯ চনতে এয়াৰ ইণ্ডিয়াৰ বিমানত লগোৱা হৈছিল সেয়া টুইট কৰে। তাৰ পাছতে বিজেপিৰ পাছে পাছে বাট বুলি শ্যামন্তই আঁতি-গুৰি বিচাৰ নকৰাকৈ এগৰাকী সাংবাদিকক দুৰ্নীতিৰ নায়ক সজাই প্ৰচাৰ কৰে৷ তাৰ পাছত বহু ফেচবুক ব্যৱহাকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় শ্যামন্তক৷ 

অঞ্জন দেউৰী নামৰ ফেচবুক ব্যৱহাৰকাৰী জনে কেৱল অপ প্ৰচাৰৰ দ্বাৰা ৰাজনীতি কৰিবলৈ বিচৰা বিজেপিৰ বিষয়ে অসমৰ ৰাইজৰ সিংহভাগেই অৱগত বুলি কৈ এইবাৰ সিহঁতৰ পিছে পিছে বাট বুলিছে আঞ্চলিকতাবাদ ধ্বংসৰ হোতা প্ৰফুল্ল মহন্তৰ কুলাংগাৰ সন্তান শ্যামন্ত কাশ্যপ বুলি কৈ নিজৰ টাইম লাইনত পোষ্ট কৰে।

‘অগপ দলটোক নিঃশেষ কৰাত দেউতাকৰ সমানেই সমানেই অৰিহণা থকা এইজন শ্যামন্ত কাশ্যপৰ জ্ঞান আৰু কৰ্মকাণ্ডৰ নমুনা চাওকচোন। উত্তৰ কাছাৰৰ ১০০০ কোটিটকীয়া কেলেংকাৰীৰ নাম নাজানে। নতুন নামাকৰণ কৰি কাৰ্বি আংলং জিলা ১০০০ কোটিৰ কেলেংকাৰী বুলি ক’লে। RH Khan বুলি যিজন ব্যক্তিক তৰুণ গগৈৰ লগত আহাৰ গ্ৰহণ কৰা বুলি কৈছে, সেইজন হৈছে NDTVৰ সাংবাদিক আলোক পাণ্ডে। সেই একেটা ভুল তথ্যকেই post দিছে বিজেপিৰ জনতা যুৱ মৰ্চাৰ এজন নেতায়ো। তেওঁলোকৰ জ্ঞানৰ সীমাবদ্ধ ৰূপ নিজেই চাই ধন্য হওক৷’-এইদৰে অঞ্জন দেউৰীয়ে নিজৰ পোষ্টত উভতি ধৰে প্ৰফুল্ল মহন্তৰ পুত্ৰক৷

 

আনহাতে প্ৰবীণ শইকীয়া নামৰ লোকগৰাকীয়ে ফেচবুকত এটি পোষ্ট কৰি এনেদৰে লিখে "তলৰ ফটোত উজ্জ্বল হৈ জিলিকি থকা এইজন মহাপুৰুষ শ্যমন্ত কাশ্যপ। পিতৃ প্ৰফুল্ল কুমাৰ মহন্ত। প্ৰাক্তন মুখ্যমন্ত্ৰী। এই মহাপুৰুষজনাৰ জ্ঞানৰ নমুনা দেখি চকু কপালত উঠিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ গৈ এইজনে উদঙাই দিলে নিজৰ নিকৃষ্ট মানসিকতাৰ উলংগ স্বৰূপ। তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ মাজত আহাৰ গ্ৰহণ কৰি থকাৰ মুহূৰ্তত সেইজন NDTVৰ সংবাদকৰ্মী আলোক পাণ্ডে। এই ফটোখন লগাই আলোক পাণ্ডেক R H খান বুলি শ্যমন্ত কাশ্যপ বোলা মহাজ্ঞানী মহাপুৰুষজনে ফেচবুকত অপপ্ৰচাৰ চলাইছে। দেউতাক আঞ্চলিকতাবাদৰ ধ্বজাবাহক। পুত্ৰইবা এইবোৰ কু-কৰ্মৰ জৰিয়তে কিহৰ ধ্বজা বহন কৰিবলৈ গৈছে?’

এনেদৰে এতিয়া ৰাজ্যৰ বহু ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ শ্যামন্ত কাশ্যপক উভতি ধৰিছে৷ আনহাতে গৌৰৱ গগৈ আৰু শ্যামন্ত কাশ্যপ দুয়োগৰাকী প্ৰভাৱশালী পৰিয়ালৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ যদিও গৌৰৱ গগৈ দেশৰ ৰাজনীতিত পৰিচিত নাম হৈ পৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত টক শ্ব’ আদিত প্ৰায়ে অংশগ্ৰহণ কৰি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ইয়াৰ বিপৰীতে আনজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ শ্যামন্তই আজিও অসম যুৱ সন্থা নামৰ সংগঠন এটাৰ মূল দায়িত্ব লৈয়েই কেৱল ভুৱা প্ৰচাৰতে নিজৰ ৰাজনৈতিক কেৰিয়াৰ সীমাৱদ্ধ ৰখা দেখা গৈছে৷