ডিজিটেল ডেস্কঃ প্ৰধনামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক দিয়া প্ৰত্যাহ্বান এতিয়াও উলাই কৰা নাই কংগ্ৰেছে৷ মঙলবাৰে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মজতে নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষগৰাকীক দিয়া প্ৰত্যাহ্বানৰ প্ৰতি-প্ৰত্যাহ্বান জনাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইট যোগে নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাই ১৫ মিনিট সময় কৰ্ণাটকৰ পূৰ্ব মুখ্যমন্ত্ৰী বি এছ য়েদেৰুপ্পা চৰকাৰৰ অবদানৰ বিষয়ে ক’বলৈ আহ্বান জনায়৷ 

সিদ্ধাৰামাইয়াই টুইটত কয়, ‘মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া, মই আপোনাক কাগজত চাই কৰ্ণাটকত বি এছ য়েদেৰুপ্পা চৰকাৰৰ অৱদানৰ বিষয়ে ১৫ মিনিত ক’বলৈ চেলেঞ্জ দিছো৷ বিনম্ৰতাৰে সিদ্ধাৰামাইয়া৷’’

উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সমাৰাজানগৰ জিলাত আয়োজিত এক অনুআষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক হেয় প্ৰতিপন্ন কৰিবলৈ কোনো কাগজ ব্যৱহাৰ নকৰাকৈ ১৫ মিনিট ভাষণ প্ৰদান কৰাৰ প্ৰত্যাহ্বান জনাইছিল৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল, ‘কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে মোক সাংসদত ১৫ মিনিট কাগজ নচোৱাকৈ ভাষণ প্ৰদান কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল৷ কিন্তু আজি মই তেওঁক প্ৰত্যাহ্বান জনাইছো৷ তেওঁ তেওঁৰ মাকৰ মাতৃভাষা আৰু ভাষণ কাগজ নচোৱাকৈ ১৫ মিনিট ভাষণ দিয়ক৷’’

‘‘কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয় মোক কৈছিল যে তেওঁ যদি সংসদত ১৫ মিনিট ভাষণ প্ৰদান কৰিব পাৰে, তেন্তে মই সংসদ ভৱনত বহিব নোৱাৰিম৷ প্ৰকৃততেই এয়া সঁচা৷ আমি বহিব নোৱাৰো৷ কিয়নো আমি তেওঁৰ দৰে অকামিলা নহওঁ৷ আৰু তেওঁঁৰ সন্মুখত আমি বহি থকাৰ যুক্তিয়ে বা ক’ত৷ আমাৰ ওচৰত তেনেদৰে বহি থাকিবলৈ ভাল কাপোৰ নাই৷ ভাল জোতাও নাই৷ কিয়নো আমি দেশৰ বাবে চিন্তা কৰিব লাগে৷ ৰাহুল গান্ধী ডাঙৰীয়া, আপুনি মোৰ কথা পাহৰি যাওক৷ যদি পাৰে নিজে হিন্দী অথবা কান্নাড়া ভাষাত হাতত কাগজ নলোৱাকৈ আপোনাৰ চৰকাৰৰ কৰ্ণাটকত অৱদান সম্পৰ্কে ১৫ মিনিট কথা কৈ দেখুৱাওক৷’’- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰিছিল নৰেন্দ্ৰ মোডীয়ে৷ 

নৰেন্দ্ৰ মোডীৰ এনে কটাক্ষসূচক প্ৰত্যাহ্বানৰ পিছতেই বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াই প্ৰধানমন্ত্ৰীগৰাকীক কাউন্টাৰ চেলেঞ্জ প্ৰদান কৰে৷

ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বান নৰেন্দ্ৰ মোডীয়ে কিদৰে গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷