আজমলৰ দুৰ্গত আজি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্বাচনী প্ৰচাৰ

Home ৰাজনীতিআজমলৰ দুৰ্গত আজি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্বাচনী প্ৰচাৰ

আজমলৰ দুৰ্গত আজি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্বাচনী প্ৰচাৰ

by News Desk
61 views
A+A-
Reset

মোৰাঝাৰঃ  ‘‘আজমলৰ জৰা-ফুকা ফুবোৰ আজি কালি কামত নাহে’’, এনেদৰে হোজাইৰ যমুনামুখ সমষ্টিৰ নীলবাগানত বিজেপিৰ নিৰ্বাচনী সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰি কয়৷ সাংসদ বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁ কয় যে যমুনামুখ সমষ্টিত ঘুৰি ঘূৰি তেওঁৰ ককাল বিষাইছে, আমাৰ চৰকাৰে বহুত কাম কৰিছে , আপোনালোকৰ বিধায়কে একো উন্নয়নমূলক কাম কৰা দেখা নগ’ল৷ 

সভাত মন্ত্ৰী গৰাকীয়ে আৰু আপোনালোকৰ ভাল লাগিলে বিজেপিক ভোট দিব বুলি ৰাইজক আহব্বান জনায় ৷ আজি সন্ধিয়া নীলবাগান বজাৰত নীলবাগান জিলা পৰিষদৰ প্ৰাৰ্থী ৰসিদ আহমেদ চৌধুৰী হৈ প্ৰচাৰ চলায় শিক্ষামন্ত্ৰী গৰাকীয়ে৷ লগতে তেওঁক সংগ দিয়ে বিজেপিৰ যুৱ নেতা বিলাল উদ্দিন আৰু নজমুল আলম লস্কৰে৷ মন্ত্ৰী গৰাকীয়ে আজি ৯ খন কৈ সভাত অংশ লয়৷ সভাত বিজেপি নেতা বিলাল উদ্দিনেও উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ তেওঁ চৰকাৰৰ গুণ গান গাই শাসক পক্ষক ভোট দিবলৈ কয়৷ সভাত প্ৰায় ১সহস্ৰাধিক লোক উপস্থিত থাকে ৷ এক প্ৰকাৰ গাঁওে ভূঞে বিজেপিৰ বতাহ বলিছে য’ত নীলবাগান জিলা পৰিষদ বি জে পিয়ে দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0