• ‘‘আজমলৰ জৰা-ফুকা ফুবোৰ আজি কালি কামত নাহে’’-- সিদ্ধাৰ্থ ভট্টাচাৰ্য

মোৰাঝাৰঃ  ‘‘আজমলৰ জৰা-ফুকা ফুবোৰ আজি কালি কামত নাহে’’, এনেদৰে হোজাইৰ যমুনামুখ সমষ্টিৰ নীলবাগানত বিজেপিৰ নিৰ্বাচনী সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰি কয়৷ সাংসদ বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁ কয় যে যমুনামুখ সমষ্টিত ঘুৰি ঘূৰি তেওঁৰ ককাল বিষাইছে, আমাৰ চৰকাৰে বহুত কাম কৰিছে , আপোনালোকৰ বিধায়কে একো উন্নয়নমূলক কাম কৰা দেখা নগ’ল৷ 

সভাত মন্ত্ৰী গৰাকীয়ে আৰু আপোনালোকৰ ভাল লাগিলে বিজেপিক ভোট দিব বুলি ৰাইজক আহব্বান জনায় ৷ আজি সন্ধিয়া নীলবাগান বজাৰত নীলবাগান জিলা পৰিষদৰ প্ৰাৰ্থী ৰসিদ আহমেদ চৌধুৰী হৈ প্ৰচাৰ চলায় শিক্ষামন্ত্ৰী গৰাকীয়ে৷ লগতে তেওঁক সংগ দিয়ে বিজেপিৰ যুৱ নেতা বিলাল উদ্দিন আৰু নজমুল আলম লস্কৰে৷ মন্ত্ৰী গৰাকীয়ে আজি ৯ খন কৈ সভাত অংশ লয়৷ সভাত বিজেপি নেতা বিলাল উদ্দিনেও উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ তেওঁ চৰকাৰৰ গুণ গান গাই শাসক পক্ষক ভোট দিবলৈ কয়৷ সভাত প্ৰায় ১সহস্ৰাধিক লোক উপস্থিত থাকে ৷ এক প্ৰকাৰ গাঁওে ভূঞে বিজেপিৰ বতাহ বলিছে য’ত নীলবাগান জিলা পৰিষদ বি জে পিয়ে দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷