ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰত শ্ৰেণী কোঠা এৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দীৰ্ঘদিনীয়া দাবী সত্বেও চৰকাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে প্ৰতিবাদত নামে ছাত্ৰ-ছাত্ৰীসকল।
উল্লেখ্য যে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ কেইবাজনো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছে। চৰকাৰী-বেচৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে বিপদসংকূলভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰে আহ-যাহ কৰিব লগীয়া হৈছে৷
ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ বাবে ইতিমধ্যে কেইবাটাও দল-সংগঠনে প্ৰতিবাদ কৰি দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত আজি ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্থানীয় ৰাইজ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে দৰঙৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ঘাইপথটো মেৰামতি কৰাৰ বাবে দাবী জনায়৷