গোলকগঞ্জঃ গোলকগজ্ঞ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভা কক্ষত আজি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সন্দৰ্ভত প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকি উপায়ুক্ত ধীৰাজ চৌধুৰীয়ে যিকোনো দুৰ্যোগ পৰিস্থিতিৰ বাবে সকলোকে সাজু থাকিবলৈ আহ্বান জনায় ৷

বান দুৰ্যোগ ব‍্যৱস্থপনাৰ আখৰা তথা প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিক ভাবে উদ্ধোধন কৰি দিয়া ভাষণত ধুবুৰী জিলা উপায়ুক্ত ধীৰাজ চৌধুৰীয়ে আগন্তক বান পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি জিলা পৰ্যায়তো এনে ধৰণৰ আখৰা শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি কয়।

গোলকগজ্ঞ ৰাজহ চক্ৰৰ উদোগত গোলকগজ্ঞ উন্নয়ন খণ্ডৰ সভা কক্ষত অনুষ্ঠিত উদ্বোধনী সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নিৰজ্ঞন বৰুৱা, জিলা উন্নয়ন আয়ুক্ত মামুদ হাচান, অতিৰিক্ত উপায়ুক্ত পল্লব মজুমদাৰ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্থিত থাকি ভাষণ দিয়ে।

সভাৰ উদ্দেশ্য ব্যাখ‍্যা কৰে চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়াই। জিলা দুৰ্যোগ প্ৰতিৰোধ কৰ্তৃপক্ষৰ জিলা প্ৰকল্প বিষয়া মুফাজ্জল চৰকাৰে প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰে। সভাত সকলো বিভাগৰ বিষয়া প্ৰতিনিধি, স্থানীয় শিক্ষানুষ্ঠানৰ মূৰব্বী উপস্থিত থাকে।

বৃহস্পতিবাৰে গগাধৰ নৈৰ পাৰ আৰু খণ্ড উন্নয়ৰ বিষয়াৰ কাৰ্যালয় চৌদহত ক্ষেত্ৰ ভিত্তিক আখৰা অনুষ্ঠিত হ’ব বুলি জিলা জনসংযোগ বিষয়াই জনাইছে।