শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি কহাৰ গাঁৱৰ এজন লোকক নাজিৰা মাদুৰী বাগানত নৃশংসভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

নামতি কহাৰ গাঁৱৰ বিপুল চুতীয়া (৩৮) নামৰ মানসিক বিকাৰগ্ৰস্ত লোকজনক যোৱা দেওবাৰে নিশা প্ৰায় ৮ বজাত মাদুৰী বাগানৰ কেতেকীবাৰী সাপ্তাহিক বজাৰগৃহত হাত ভৰি বান্ধি চকু ফুটুৱাই কেৰাচিন ঢালি হত্যাৰ চেষ্টা কৰা হৈছিল।

অভিযোগ অনুসৰি, মাদুৰী বাগানৰ টিপু কৈৰী নামৰ যুৱকজনে এনে নৃশংস কাণ্ড কৰা অৱস্থাতে স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি লোকজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল। 

পাছত স্থানীয় লোকে নাজিৰা আৰক্ষী থানাত খবৰ দিয়ে। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

ইফালে, চিকিৎসাধীন অৱস্থাত থকা বিপুল চুতীয়াই মৃত্যুৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে । 

সম্প্ৰতি ঘটনা সন্দৰ্ভত ব্যক্তিজনৰ পৰিয়ালৰ লোকে নাজিৰা আৰক্ষীক এজাহাৰ দাখিল কৰিছে । এজাহাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি প্ৰেৰণ কৰা সময়লৈকে দোষীক কাৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।