newsnextone.com | শিৱসাগৰঃ উজনি অসমত কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ পিছত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে মঙলবাৰে শিৱসাগৰ জিলাত অনুষ্ঠিত কৰে গণ সমাবেশ৷

নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মঙলবাৰে কেইবাহাজাৰ লোক সমবেত হয় ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰত৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷ শিৱসাগৰৰ বৰডিং খেল পথাৰৰ পৰা বিশাল সমদল উলিয়াই ঐতিহাসিক শিৱ দৌলৰ বাকৰিত উপস্থিত হয় ৰাইজ৷

কেইবা হাজাৰ লোকে জয় আই অসম, বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে৷ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মঙলবাৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক৷ শিৱ দৌলৰ সন্মুখত আয়োজন কৰা বিৰাট ৰাজহুৱা সত ভাষণ প্ৰদান কৰি কৃষক নেতা অখিল গগৈয়ে অসমৰ ৰাইজে কোনো কালে এই বিধেয়ক যে গৃহীত হ’ব নিদিয়ে তাকেই আজি ৰাইজে প্ৰমাণ কৰা বুলি কয়৷

অখিল গগৈয়ে বিজেপি আৰু আৰএছএছে অসমৰ ধ্বংস কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰি সকলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাবলৈ আহ্বান জনায়৷ কেইবা হাজাৰ লোকক অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাবলৈ কৈ সকলোৱে হাত দাঙি সংকল্প লয়৷ 

অখিল গগৈয়ে বিধেয়ক গৃহীত হলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা হ’ব বুলি কৈ ভাষা, সংস্কৃতি হেৰুৱাব লাগিব বুলি কয়৷ চৰকৈৰে ভোটৰ স্বাৰ্থত হিন্দু বাংলাদেশী সংস্থাপন কৰিব খোজে বুলি অভিযোগ উত্থাপন কৰে৷ 

সৰ্বানন্দ সোণোৱালে কথাৰে নহয় কাম কৰি দেখুওৱাক৷ কথাৰে বেছি দিন চলিব নোৱাৰি৷ কথাৰে চলিলে ৰাইজে বুজি পায়৷ তেওঁলোকক ৰাইজে লাহে লাহে বুজি পাইছে যাৰ বাবে তেওঁলোকে সাংবাদিকৰ পৰা পলাবলৈ আৰম্ভ কৰিছে বুলি সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে অখিলে৷  

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, চাহ জনজাতি ছাত্ৰ সন্থা, চুতিয়া ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি বহু কেইটা দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকে৷