নাৰায়ণপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে যেন প্ৰভাৱিত কৰিব পৰা নাই লখিমপুৰ জিলাৰ ধলপুৰ অঞ্চলটো। ডিজিটেল ইণ্ডিয়াৰ শ্লোগানৰ মাজতে ইন্টাৰনেট সেৱাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে ধলপুৰবাসীয়ে। অঞ্চলটোত বিভিন্ন টেলিক'ম কোম্পানীৰ সেৱা অব্যাহত আছে যদিও উন্নত গতিসম্পন্ন ইণ্টাৰনেট সেৱা কোনো এটা কোম্পানীয়েই দিব পৰা নাই।
ধলপুৰ অঞ্চলত এয়াৰটেলৰ সংযোগ লোৱা গ্ৰাহকৰ সংখ্যা অধিক যদিও কোম্পানীটোৱে গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ধলপুৰ অঞ্চলত এয়াৰটেলৰ 3G সেৱা উপলব্ধ যদিও অতি নিম্নমানৰ সেৱাই গ্ৰাহকসকলক অতিষ্ঠ কৰি তুলিছে।
অতি নিম্নমানৰ সেৱাৰ বাবেই সম্প্ৰতি যিকোনো অনলাইন সেৱা উপভোগ কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে সাংবাদিকসকলো বাতৰি প্ৰেৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ।
বৰ্তমান সময়ত প্ৰায়বোৰ চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত ইণ্টাৰনেট অপৰিহাৰ্য সেৱা হোৱা সত্বেও টেলিকম কোম্পানীসমূহে ইণ্টাৰনেট সেৱাৰ মানদণ্ড উন্নতকৰণত গুৰুত্ব নিদিয়াত ধলপুৰ অঞ্চলত সমস্যাৰ সৃষ্টি হৈছে। তদুপৰি অনলাইন আৱেদন আৰু বেংকসেৱাৰ ক্ষেত্ৰতো ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী।
লক্ষণীয় যে জিঅ' সেৱাই টেলিকোম ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰাৰ সময়তে ৰহস্যজনকভাৱে ধলপুৰ অঞ্চলটো বাদ পৰি ৰ'ল জিঅ' সেৱাৰ পৰা। অঞ্চলটোৰ কাষৰীয়া নাৰায়ণপুৰ, শিমলুগুৰি, হাৱাজান অঞ্চলত কেইটামান টেলিক'ম কোম্পানীৰ ইণ্টাৰনেট সেৱা কিছু উন্নত যদিও ধলপুৰত প্ৰায়ভাগ টেলিকম কোম্পানীৰ দুৰ্বল সেৱাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে।