• লিডু শাখা সাহিত্য সভাৰ শোক প্ৰকাশ 

লিডুঃ  লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা  শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীনাথ গগৈ প্ৰায় ৮২ বছৰ বয়সত আজি দেহাৱসানৰ ঘটে । 

তেখেত বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত  চিকিৎসাধীন হৈ আছিল । লিডু অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা উপৰিও লিডু শাখা সাহিত্য সভাৰ সক্ৰিয়ভাৱে সভাপতি পদত দায়িত্ব গ্ৰহণ কৰি লিডু অঞ্চলটোত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰ খন চানেকীৰ দৰে জিলিকাই ৰখাত গগৈ দেৱৰ ভুমিকা আছিল অনস্বীকাৰ্য৷    

লক্ষীনাথ গগৈ দেৱৰ মৃত্যু লিডু সমাজ জীৱনৰ বাবে অপূৰনীয় ক্ষতি ৷ তেখেতৰ মৃত্যুত লিডু অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷  গগৈ দেৱৰ বিদেহী আত্মাৰ সদ্গতি  কামনাৰে সহস্ৰাধিক অনুৰাগীয়ে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । 

লিডু শাখা সাহিত্য সভাৰ হৈ নৱনিৰ্বাচিত সভাপতি ড。দিপালী বৰপুজাৰীৰ লগতে চন্দ্ৰ গৌতম আৰু ৰানাজ্যোতি নেওগে লিডুৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি গগৈৰ মৃত্যু লিডুৰ সমাজ জীৱনৰ বাবে এক অভাৱনীয় ক্ষতি বুলি উল্লেখ কৰাৰ লগতে তেখেতৰ আদ্যশ্ৰাদ্বৰ দিনা এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি জানিবলৈ দিয়ে ৷