বাৰ্লিনঃ ছচিয়েল মিডিয়াত বিদ্বেষপুৰ্ণ কথা-বতৰা, উৰাবাতৰি আৰু অপপ্ৰচাৰ চলাটো কোনো নতুন কথা নহয়। পিছে ব্যৱহাৰকাৰীৰ হাতত অবাধ স্বাধীনতা তুলি দিয়া এই গণমাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰস্তুতি চলিছে। বাক স্বাধীনতা প্ৰকাশ কৰাৰ অন্যতম মাধ্যম হিচাপে সকলোতে জনপ্ৰিয় হৈ পৰা ফেচবুকৰ প্ৰতি বিতুষ্ট হৈ পৰিছে শাসকীয় পক্ষ। বাক স্বাধীনতাৰ এই জনপ্ৰিয় মঞ্চখনক নিয়ন্ত্ৰণলৈ অনাৰ বাবে সেয়ে এক আইনী পদক্ষেপ লোৱা হৈছে।
জাৰ্মান চৰকাৰে শেহতীয়াকৈ অনুমোদন জনোৱা এই বিশেষ আইনখনৰ খচৰাত সৰ্বসাধাৰণক বিপথে পৰিচালিত কৰিবপৰা ছচিয়েল নেটৱৰ্কিং ছাইটৰ বিদ্বেষপুৰ্ণ পোষ্ট আৰু উৰাবাতৰি আদি আঁতৰাই নেপেলালে ছাইটবোৰে ভৰিব লাগিব জৰিমনা। এই জৰিমনাৰ পৰিমাণ ৫৩ মিলিয়ন ইউৰো পৰ্যন্ত হ’ব পাৰে। অৰ্থাৎ এই পৰিমাণ ৩০০ কোটিৰো অধিক।