newsnextone.com | সোণাৰিঃ কেন্দ্ৰ আৰু ৰাজ্য শাসনাধিষ্ট বিজেপি চৰকাৰে লব খোজা অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে পুনৰ যোৱা ৭ মে’ৰ পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰতিটো দল সংগঠনে সুকীয়া সুকীয়া কৈ প্ৰতিবাদ কৰাৰ ফলত এই প্ৰতিবাদে বিশেষ মাত্ৰা লাভ কৰিছে৷ তাৰ মাজতে এই সংগ্ৰামক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰায় কুৰিটা সংগঠন একত্ৰিত হৈছে৷

উজনি-নামনিৰ জাতীয়তাবাদী, জাতীয়, জনগোষ্ঠীয়, কৃষক, শ্ৰমিক সংগঠনে একত্ৰিত হৈ বুধবাৰে প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চৰাইদেউ জিলাৰ সোণাৰিত৷ প্ৰথমটো কাৰ্যসূচীতে পুৱাই চৰাইদেউ জিলাৰ সদৰ সোণাৰিলৈকে ওলাই আহে হাজাৰ হাজাৰ লোক৷ জিলা খনৰ জকাইচুকৰ পৰা চাইকেল লৈ, দল বান্ধি খোজকাঢ়ি উপস্থিত হয় সোণাৰিৰ খেল পথাৰত৷  

হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ কাম বন এৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলাই আহে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকল৷ ৰাজপথ কঁপাই যেন পুনৰ অসম আন্দোলনৰ কথাকে সোঁৱৰাই দিলে চৰাইদেউৰ জনসাধাৰণে৷ আহ ঐ আহ ওলাই আহ বুলি চিঞৰ মাৰি ৰাজ পথাই কঁপাই তুলি চৰকাৰক সকীয়াই দি কলে অসমীয়াই আজি জাগিছে৷ যদি অসমীয়াৰ আৱেগৰ সৈতে খেলা কৰে তেতিয়া বহি নাথাকিব অসমৰ অসমীয়াই৷ ১৯৮৩ৰ সেই দিনবোৰক যেন সোঁৱৰাই দিলে পুনৰ৷ যেনেদৰে আই অসম মাতৃক ৰক্ষা কৰাৰ বাবে হেংদাং লৈ ৰাজ পথলৈ ওলাই আহি ৮৫৫ গৰাকী অসমীয়া যুৱক শ্বহীদ হৈ অসমৰ ভাষা, সংস্কৃতি, সাহিত্য ৰক্ষা কৰি থৈ গৈছে৷ 

মুঠৰ ওপৰত অসমীয়াৰ সংকটৰ মুহূৰ্তত ৰাজ্যৰ জনসাধাৰণৰ আহ্বান শুনি একত্ৰিত হৈছে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশাল জনজাগৰণ সভা অনুষ্ঠিত হয় বুধবাৰে৷

বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ 

সদৌ টাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, আটছা, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, চৰাইদেউ প্ৰেছ গীল্ডৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল উলিয়াই আকাশ বতাহ কঁপাই তোলে৷ 

জিলাখনৰ আন কেইবাটাও সংগঠন আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, বিশেষ ব্যক্তিৰ সহযোগত সোণাৰি নগৰত প্ৰথমে বিশাল সমদল উলিয়াই সোণাৰি ৰাজহুৱা খেলপথাৰত ৰাইজ ভৰি পৰে৷ বিৰ দি বাট নোপোৱা পৰিৱশত আৰম্ভ হোৱা প্ৰতিবাদী জনজাগৰণ সভাত কৃষক নেতা অখিল গগৈ, আলফা নেতা জিতেন দত্ত, আটাছুৰ উপদেষ্টা অশ্বিনী চেতিয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত উপস্থিত থাকে৷

সভাত অখিল গগৈয়ে বিজেপি আৰআৰএছে অসম ত্যাগ কৰিবলৈ সাঁজু হ’ওক বুলি কয়৷ নহলে বিজেপিয়ে শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক বুলি কৈ অসম গণ পৰিষদক প্ৰকৃত পথলৈ আহিবলৈ আহ্বান জনায়৷ 

আলফাৰ যুদ্ধবিৰত গোটৰ নেতা জিতেন দত্তই গণতান্ত্ৰিক গণ যুদ্ধক সন্মান দি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কয়৷ যেতিয়া নিজৰ ভাষাটো হেৰাই যোৱাৰ উপক্ৰম ঘটিব তেতিয়া কোনো মানুহে শুই থাকিব নোৱাৰে, বহি থাকিব নোৱাৰে বুলি কৈ ভেটিটো আৰু ভাষাটো হেৰাই যাব ওলাইছে তাৰ বাবে সমগ্ৰ অসমৰ মানুহে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিছে বুলি মন্তব্য প্ৰকাশ কৰে দত্তই৷