ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংসদত বাজেট দাখিল কৰাৰ পিছতেই বিৰোধী একত্ৰিত হৈ শাসকীয় বিজেপি দলক সদনত শলঠৈকত পেলাবলৈ সাজু হৈছে৷ ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে বিৰোধী দল সমূহক আমন্ত্ৰণ কৰি সংসদ ভৱনত বৈঠক অনুষ্ঠিত কৰে৷

গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয় সৰ্ন্দভত সকলো বিৰোধীক একত্ৰিত হৈ মাত মতাৰ লগতে কাম কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই ছোনীয়াই৷ সংসদত অনুষ্ঠিত হোৱা বৈঠকত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰা দেখা যায়৷ ৰাষ্ট্ৰীয় বিষয়ক লৈ বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ কয় ছোনীয়া গান্ধীয়ে৷

শুকুৰবাৰে মোডী চৰকাৰৰ অন্তিমখন বাজেট বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰে৷ বাজেটৰ পাছত বিৰোধীক একত্ৰিত কৰি চৰকাৰক বাজেট সন্দৰ্ভত সংসদত ঘেৰাও কৰাৰ বাবে ব্লুপ্ৰিন্ট ৰচনা কৰে কংগ্ৰেছে৷ বৈঠকত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি উপস্থিত নাছিল৷