ডিজিটেল ডেস্কঃ ৰাজনীতিৰ ক্ষেত্ৰখনত গান্ধী পৰিয়ালৰ অৱদান অতুলনীয়। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ গান্ধী পৰিয়ালৰ সদস্যসকলে বিশেষ ভূমিকা পালন কৰি আহিছে ৰাজনীতিৰ জগতত। ইউপিএৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে কৰা মন্তব্যত পৰিবৰ্তনৰ নতুন ধাৰাৰ সূচনা কৰাৰ সম্ভেদ দিছে। মানুহে জীৱনত বহুত কাম শিকে৷ কিন্তু প্ৰাথমিক কামবোৰ আজীৱন শিকিবলৈ থাকি যায়৷ এই মন্তব্য কৰিছে ছোনিয়া গান্ধীয়ে৷ অধ্যক্ষৰ পদ ত্যাগ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ ৰাজনীতিৰ ভৌতিক আৰু আধ্যাত্মিকৰ ওপৰতো গভীৰ মন্তব্য আগবঢ়াই ছোনিয়া গান্ধীয়ে৷

নিজৰ সন্তানৰ বিষয়ে, তেওঁৰ দূৰ্বলতাৰ লগতে লোকতন্ত্ৰৰ দৰে গাম্ভীৰ্যপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় ছোনিয়া গান্ধীয়ে৷ উল্লেখ্য যে, ১৯ বছৰ ধৰি কংগ্ৰেছৰ অধ্যক্ষৰ পদ চম্ভালি আছিল ৭১ বছৰীয়া ছোনিয়া গান্ধীয়ে। কিন্তু বৰ্তমান কংগ্ৰেছৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীয়ে৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ গোপন বৈঠকত ছোনীয়া গান্ধীয়ে কয়, আগন্তুক সময়ছোৱাত কংগ্ৰেছৰ অধ্যক্ষ নেহৰু-গান্ধী পৰিয়ালৰ সদস্যক বাদ দি বেলেগ ব্যক্তি নেতা হোৱাৰ সম্ভাৱনা আছে৷

ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত নোহোৱাক লৈ সোধা প্ৰশ্নৰ উত্তৰত কয়, মই নিজৰ যোগ্যতাৰ বিষয়ে জানো৷ মনমোহন সিঙ মোতকৈ সফল প্ৰধানমন্ত্ৰী হ’ব বুলি উমান পাইছিলো৷ যাৰ বাবে বহু গুণৰ অধিকাৰী এগৰাকী পুৰোধা ব্যক্তি হিচাপে ২০০৪ চনত দেশৰ প্ৰধানমন্ত্ৰী পদৰ বাবে মনমোহন সিঙে যোগ্যতা লাভ কৰিছিল৷ ইয়াৰ লগতে ৰাহুল গান্ধীক উদ্দেশ্যি উপদেশ মূলক মন্তব্য কৰে ছোনিয়া গান্ধীয়ে৷ তেওঁ কয়, ৰাহুল গান্ধীয়ে নিজৰ দায়িত্ব সূচাৰুৰূপত পালন কৰিব জানে৷

প্ৰয়োজন অনুসাৰে তেওঁৰ কাষত মই সদায় আছোঁ৷  মই অযথা উপদেশ দিয়াৰ চেষ্টা নকৰোঁ৷ দলৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে দেশৰ বলিষ্ঠ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে নৱ সদস্যক দলৰ কাম-কাজ কৰি যোৱাৰ ক্ষেত্ৰত দায়িত্ব অৰ্পন কৰিব বিচৰা কথাও ছোনিয়া গান্ধীয়ে জানিবলৈ দিয়ে৷ লগতে ছোনিয়াই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলৰ কাৰ্যকৰ্তাৰ সন্মতি সাপেক্ষে ৰাইবৰেলী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ আশাপোষণ কৰি থকাৰ কথাও ব্যক্ত কৰে৷