
শেহতীয়াকৈ ইউটিউবত মুকলি হোৱা মৌ বিহু শীৰ্ষক বিহু সুৰীয়া গীতটোৱে সামাজিক মাধ্যমত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে। অশ্লীল বুলি খ্যাতি অৰ্জা এই গীতটোক লৈ ইন্টাৰনেটত সক্ৰিয় অসমীয়া সমাজে কেতবৰো ইংৰাজী উপমা যেনে Erotic, Vulgur আদি ব্যৱহাৰ কৰি গীতটো বৰ্জন তথা আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে।
সামাজিক মাধ্যম সক্ৰিয় হৈ উঠাৰ দিন ধৰি মানুহৰ মতামত প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈছে, ঠিক তেনেদৰে যিকোনো বিষয়তে মাত মতাৰ প্ৰৱণতা বা সূচলতা বৃদ্ধি পাইছে। ইয়াৰ ফলত অৱশ্যে বিষয়বোৰৰ একাধিক দিশত সমালোচনা-আলোচনা হোৱাৰ লগতে বিষয়টোত আক্ৰমণ-প্ৰত্যাক্ৰমণও সক্ৰিয় হৈছে। উপায় নাই, কিয়নো হাতে হাতে থকা প্ৰযুক্তিগত সাধনবোৰে (মোবাইলফোন আৰু ইন্টাৰনেট) কেতবোৰ জনপ্ৰিয় সামাজিক মাধ্যমলৈ দিয়া প্ৰৱেশে জনতাক (শিক্ষিত-অশিক্ষিত) জনমতৰ অংশীদাৰ কৰি লৈছে। গতিকে এতিয়া ডিজিটেল বিশ্বক কোনো কথা বা বিষয় সাৰি নাযায়।
গতিকে সৃজনী ভাস্ব মহন্ত আৰু নিৰঞ্জন গোস্বামীৰ পৰিকল্পনাৰে ঠন ধৰি উঠা এটি গীতি কাহিনীয়ে অসমীয়া আবেগপ্ৰৱণ ৰাইজক জোকাৰি গৈছে। এগৰাকী দেহপোজীৱিনীৰ বা এগৰাকী নাৰীৰ মনটোৱে কি বিচাৰে সেয়া মৌ বিহুক শীৰ্ষক গীতটোত কাহিনীৰ আঁকাৰত দেখুওৱা হৈছে। এগৰাকী নাৰীয়ে একাধিক পুৰুষক নিজৰ মায়াজালাত বন্দী কৰি তোলাৰ কাহিনী সংগীত ভিদিঅ’টোত স্পষ্ট হৈছে। কোনো ধৰণৰ অশ্লীল দৃশ্য সংযোজন নকৰাকৈ কেতবোক সাংকেতিক দৃশ্যৰ মাধ্যমত কোনো শৰীৰৰ আলিংগন নোহোৱাকৈ বিষয়টো উপস্থাপন কৰোতে গীতৰ স্ৰষ্টা বা পৰিচালক সফল হৈছে।
অৱশ্যে একাংশ অসমীয়া ৰাইজে কথাটো মানি ল’ব বিচৰা নাই। এগৰাকী নাৰীয়ে কিয় অনেক পুৰুষৰ কথা চিন্তা কৰিব মানে বহুগামিতাৰ পোষকতা কৰিব? মৌৰ ব্যৱহাৰ কৰি সাংকেতিক দৃশ্য কিয় দিব আদি-ইত্যাদি কথা আলোচনা কৰিছে। এটি সুন্দৰ গীত বা ছবি মৌ বিহু এতিয়া একাংশ অসমীয়াৰ হজম নোহোৱা খাদ্য হৈ পৰিছে।
অসমীয়া সমাজ যথেষ্ট ৰক্ষণশীল। নতুন কিবা এটা গ্ৰহণ কৰিবলগীয়া হোৱা কথাটো সহজে হজম নহয়। অতীজতে, ৰক্ষণশীল পৰিয়ালৰ আনন্দৰাম ঢেঁকীয়াল ফুকনে ইংৰাজী শিক্ষা গ্ৰহণ কৰি অহাৰ পাছত যেনেকৈ শুচি হৈ ঘৰ সোমাব লগীয়া হৈছিল ঠিক তেনেকৈ অসমীয়া সমাজে লুকাই-চুৰকৈ হৈ থকা কেতবোৰ কথা প্ৰতিষ্ঠিত শিল্পীয়ে দৃশ্যৰ মাধ্যমত কৰি দিলে জাঙুৰ খাই পৰে। পুৰুষে সুৰাপান কৰি কৰা উৎপাত গ্ৰহণযোগ্য আৰু নাৰীয়ে কৰা তেনে কামৰ গ্ৰহণযোগ্যতা নোহোৱাৰ যি সূত্ৰ সেয়া সামাজিক মাধ্যমত অসমীয়া ৰাইজে কেতবোৰ বিষয়ত হুমনিয়াহ কাঢ়ি হ’লেও কৰে।
অৱশ্যে এই ক্ষেত্ৰত অসমীয়া ৰাইজ বহুধা বিভক্ত। গীতিশিল্পী জুবিন গাৰ্গে ধেমালিতে মঞ্চত তপিনা ডাঙৰ ছোৱালীৰ কথা উল্লেখ কৰিলে দৰ্শক ৰাইজে সেই কথাত ৰস পায় কিন্তু এগৰাকী নাৰীৰ শ্লীলতা হানি বিষয়টোত নিমাত হৈ ৰয়। সমাজৰ আবেগক সন্মান জনাই দৃশ্য-শ্ৰাব্য মাধ্যমত তথাকথিত ভদ্ৰলোকৰ ভাও দিব জনা লোক অসমীয়া সমাজত বেছি আদৰণীয় বুলি পূৰ্বৰে পৰা চলি আহিছে।
বৰ্তমান অ’টিটি মাধ্যমতেই হওক বা ৰীলৰ মাধ্যমতেই হওক, দৰ্শকে নিতৌ অন্য ভাষাত অনেক যৌনগন্ধী দৃশ্য উপভোগ কৰি মোবাইলত সোমাই থাকে, কিন্তু অসমীয়া ছবিত তেনে দৃশ্য দেখিলে জাঙুৰ খাই উঠে। কিয়নো অসমীয়া আবেগিক সেয়েহে নিজৰ ঘৰৰ ছোৱালীয়ে তেনে কাম কৰিব নালাগে বুলি নিজকে পতিয়ন নিয়ে। অসমৰ বাপতি সাহোন বিহু মূলত যৌৱনৰ উৎসৱ তথাপি এই কথাটোৰ তথ্যমূলক আলোচনা কৰিলে বৃহত্তৰ অসমীয়া জনগোটে কথাটো হজম কৰিব নোৱাৰে।
সৃজনী ভাস্ব মহন্ত আৰু নিৰঞ্জন গোস্বামীৰ পৰিকল্পনাত সৃষ্টি হোৱা মৌ বিহু শীৰ্ষক গীতটোৱে ৰাইজক জোকাৰি যোৱা কথাটোৱে মূলত গীতটোৰ আঁৰৰ মানুহখিনিৰ সফলতা নিদৰ্শন কৰিছে। কিয়নো সৃষ্টিশীল কৰ্মই যেতিয়া মানুহক ভাৱিবলৈ, চৰ্চা কৰিবলৈ, বিতৰ্ক কৰিবলৈ সমল দিয়ে তেতিয়া সেয়া সামগ্ৰিক দৃষ্টিত সফল প্ৰয়াস বুলি বিবেচিত হয়। এতিয়ালৈ পৃথিৱীত সৃষ্টি হোৱা অনেক সৃষ্টিৰ এতিয়াও অবতাৰণা হৈ থকা কথাটোৱে তাৰেই প্ৰমাণ দিয়ে।
ডিজিটেল বিশ্বৰ উত্তৰণৰ সমান্তৰালকৈ বা মৌলিক সৃষ্টিৰ আধাৰ দৃশ্য-শ্ৰাব্য মাধ্যম চিনেমা-গীতৰ উত্তৰণ হৈছে যদিও এইবোৰ বুজি পোৱা বা তেনে কলাৰ গঠনমূলক সমালোচনা কৰিব পৰাকৈ অসমীয়া দৰ্শক যেন এতিয়াও পাছপৰি আছে। একাংশ দৰ্শকে পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিচয় দি সকলোতে যৌনগোন্ধ বিচাৰি সমাজত তালিবানী শাসন ব্যৱস্থা এটা বৰ্তাই ৰখাৰ উদ্দেশ্য সমালোচনাত মুখৰ হোৱা পৰিলক্ষিত হয়। ইয়াৰ সলনি পৰিৱেশন কলাক যদিহে শিল্পৰ মানৰে পৰ্যালোচনা কৰিবলৈ শিকিলেহেঁতেন তেন্তে উক্ত মৌ বিহুত অনেক উপাদান দেখিলেহেঁতেন।
পাছে, যুগৰ পৰিৱৰ্তনৰ লগে লগে সাধাৰণতে চুপ হৈ থকা অসমীয়া জাতি এতিয়া সদায় সক্ৰিয়। কথা-আড্ডাপ্ৰিয় জনতা আজি বিষয়বোৰক লৈ উদ্বিগ্ন। এয়া জাতিটোৰ বাবে শুভলক্ষণ।