শেহতীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনে সংবাদ মাধ্যমত অনেক মজাৰ খোৰাক দিলে। বিধানসভাৰ মজিয়াত কোনবোৰ আইন বা নতুন নীতি প্ৰৱৰ্তন হৈছে সেইবোৰ কথাই গুৰুত্ব নাপালেও বিধানসভাৰ বাহিৰে-ভিতৰে হোৱা দৃশ্যবোৰ বৰ আমোদজনক হৈ পৰিছে। ৰাজ্যত মূলত কংগ্ৰেছ দলটো বিৰোধী হয় যদিও সংবাদ মাধ্যমে কেৱল ৰাইজৰ দল(?) নে নিৰ্দৰ্লীয় বিধায়ক বুলি কোৱা যায় বা যিয়েই নহওক, অখিল গগৈ নামৰ ব্যক্তিসত্ত্বাক বিশেষ গুৰুত্ব দি চলি আহিছে। প্ৰতিদিনে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি মন্ত্ৰীসকল বা স্বয়ং মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়োৱাৰ সময়ত বিধি পথালি দি চৰকাৰৰ কামকাজত তুলাধূনা দিয়া ব্যক্তিগৰাকী দেৱব্ৰত শইকীয়া নহয়, সেয়া হৈছে একালৰ কৃষক মুক্তি সংগ্ৰামৰ জংগী আন্দোলনৰ নেতা মাননীয় অখিল গগৈ।

মন কৰিবলগীয়া কথা এয়াই যে চৰকাৰেও বিধায়ক অখিল গগৈক বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। প্ৰতিটো কথাতেই অখিল গগৈৰ প্ৰশ্নবাণক ফেঁপেৰি পাতি ধৰা হৈছে। অখিল গগৈক চুপ কৰাবলৈ শাসকীয়া পক্ষৰ বিধায়ক-মন্ত্ৰী বা স্বয়ং মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ ব্যক্তিগত জীৱনকো জুকিয়াই চাইছে। গগৈৰ পত্নীয়ে কিদৰে চাকৰি পালে তাক লৈ সামাজিক মাধ্যমত চলা তঁয়া-ময়া ৰণৰ আৰম্ভণি পবিত্ৰ বিধানসভাৰ মজিয়াতে হৈছে। এই ৰণবোৰত সকলোতে মই কোন বা মই নামৰ উচ্চাৰণ বাৰে বাৰে হৈছে, মানে সকলোৱে কথাবোৰ ব্যক্তিগতভাবে হৃদয়ংগম কৰি তৰ্ক-বিতৰ্ক কৰিছে।

এই পৱিত্ৰ বিধানসভাৰ মজিয়াতে ৰাজ্য চৰকাৰৰ ঋণ লোৱা বিষয় উত্থাপিত হোৱাৰ পাছত সদনৰ মজিয়াত মানে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে সদম্ভে কৈছে, মই ঋণ লৈছোঁ (মানে ৰাজ্য চৰকাৰে লৈছে), গতিকে মই ঋণ পৰিশোধ কৰিম। এই কথা উল্লেখ কৰি তেওঁ এগৰাকী ব্যৱসায়ীৰ (বাতৰি কাকত ছপা কৰা ব্যৱসায়ৰ সৈতে জড়িত পুঁজিপতি) নাম উল্লেখ কৰি কৈছে যে অমূকাই ২০১০ চনত ৰাজ্যসভাৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই যি শপতনামা দিছিল সেই অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৬ কোটি আৰু তাৰে ৩ কোটিয়েই আছিল ঋণ। গতিকে এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি তেওঁ (ব্যৱসায়ীয়ে) ইমান ঋণ ল’ব পাৰে তেন্তে মই চৰকাৰৰ বাবে কিয় নোৱাৰিম? অৱশ্যে তেওঁ আত্মবিশ্বাসৰে এই কথাটোও কৈ আহিছে যে চৰকাৰে লোৱা ঋণবোৰ পৰিশোধ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে ইয়াত অসম চৰকাৰৰ অভিভাৱক বুলি নিজক ৰাজহুৱা কৰিছে। সংবিধানৰ মতে ৰাজ্যপাল এগৰাকী ৰাজ্যত থাকে যদিও মুখ্যমন্ত্ৰী হৈছে সংসদীয় গণতন্ত্ৰৰ মূল ব্যক্তি, সেই অনুপাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰ মানে তেওঁ নিজে বুলি সংবাদ মাধ্যমে লাইভ কৰি থকা অনুষ্ঠানৰ জৰিয়তে সকলোৰে আগত ব্যক্ত কৰিছে। তেওঁ দিয়া বাৰ্তা স্পষ্ট। অসমৰ অভিভাৱক তেওঁ মানে শ্ৰদ্ধাৰ ডঃ হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনতাই কিজানে ইয়াকে স্বইচ্ছাই মানি লৈছে।

এনে প্ৰেক্ষাপটত বিৰোধী নিশ্চুপ হৈ থকা বা বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যম একপক্ষীয় হোৱা কথাবোৰে এয়া স্পষ্ট কৰিছে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু এই দলৰ অঘোষিত সৰ্বকালৰ শ্ৰেষ্ঠ নেতা হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজক চৰকাৰ বা চৰকাৰ মানে তেওঁ নিজে বুলি দাবী কৰিছে। মানে মইতেই আৰম্ভ আৰু মইতেই শেষ। 

এনেবোৰৰ মাজতে আকৌ বিৰোধীৰ মাজত জিলিকি উঠিছে মই নামৰ আন এটা সত্ত্বা। তেওঁৰ নাম হৈছে অখিল গগৈ। বিধানসভাৰ মজিয়াতেই হওক বা বিধানসভাৰ বাহিৰতেই হওক বিভিন্ন প্ৰসংগৰে চৰকাৰক ব্যতিব্যস্ত কৰি তোলা ব্যক্তিগৰাকীয়েই হৈছে অখিল গগৈ। তেওঁৰ ক্ষেত্ৰতো বিৰোধী মানে মই নামৰ উপাদানটো বিবেচনাৰ মজিয়ালৈ আহিছে।

ইয়াৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ (২০২৬) দিশটোলৈ মন দি হিতাধিকাৰীৰে ভৰপূৰ ৰাজ্যখনত বিজেপি কিয় আকৌ শাসনলৈ ঘূৰি নাহিব সেই কথাটো মই নামৰ সত্ত্বাটোৱে বিবেচনা কৰিব পৰা নাই? আৰু আপোনালোকে?