ধুবুৰীঃ বানপানীৰ আৰম্ভণি নৌহওঁতেই বহাগতে বৰলুইতৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰাত দক্ষিণ শালমাৰা বিধান সভা সমষ্টি এলেকাৰ নৈপৰীয়া ৰাইজক শংকিত কৰি তুলিছে। প্ৰাপ্ত বাতৰি মতে, সমষ্টিটোৰ বন্দিহানা, ডিমাতলা, পদ্মেৰ আলগা, মাজেৰচৰ, বিৰসিং , চলাকুৰা, বেৰকাকালি, ফকিৰগঞ্জ, মাটিফাটা, চতলাৰপাৰ, ছাইখোৱা, টুমনি, মুঠাখোৱা, নিলোখীয়া আদি চৰ-চাপৰিৰ অৰ্ধশতাধিক গাঁৱলৈ ব্ৰহ্মপুত্ৰৰ অবিৰাম গৰাখহনীয়াই চৰম ভাবুকি কঢ়িয়াই আনিছে।

স্মৰ্তব্য যে ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰি কেইবাদশক পূৰ্বেই সমষ্টিটো অস্তিত্বৰ সংকটত পৰাৰ লগতে ভৌগোলিক মানচিত্ৰৰো পৰিবৰ্তন হৈছে। চৰকাৰী অৱহেলাৰ বাবেই সম্প্ৰতি মূল দক্ষিণ শালমাৰাৰ অস্তিত্ব আৰু অৱস্থান বিকৃতি  হৈছে বুলি অভিযোগ উঠিছে।

বৃটিছৰ শাসনকালতে ধুবুৰী জিলাৰ ভিতৰত দক্ষিণ শালমাৰাৰ নাম উজলি  আছিল যদিও স্বাধীনতাৰ পাছত চৰকাৰ আৰু এচাম ৰাজনৈতিক নেতাৰ স্বাৰ্থজনিত কাৰণত দক্ষিণ শালমাৰাৰ ঐতিহ্য বিলোপ হোৱাৰ আশংকাই স্বাভাৱিকতে সমষ্টিবাসীক উদ্বিগ্ন কৰি তুলিছে ।

সমষ্টিটোৰ অস্তিত্ব আৰু ঐতিহ্য ধ্বংস কৰি কেৱল জিলাৰ নামৰ সৈতে দক্ষিণ শালমাৰাক সংযোগ কৰি প্ৰকৃততে সমষ্টিবাসীক উপলুঙা কৰা বুলিও ৰাজহুৱা অভিযোগ উঠিছে। সমষ্টিটোৰ একালৰ শ বিঘা মাটিৰ মালিক, জমিদাৰ পৰিয়ালৰ লোকো সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ ৰাজ্যৰ বিভিন্ন চহৰত ঠেলা ৰিক্সা চলাই, কুলীগিৰি কৰি, দিন হাজিৰা কৰি কোনোমতে পেট প্ৰৱৰ্তাইছে।

সমষ্টিৰ হাজাৰ হাজাৰ বিঘা মাটি সম্পত্তি প্ৰতি বছৰে জলাশয়ত পৰিণত হোৱাৰ লগতে স্কুল কলেজকে ধৰি বহু চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আদিও নৈৰ বুকুত বিলীন হৈছে। চৰকাৰে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক অন্ধকাৰত ৰাখি ব্ৰহ্মপুত্ৰৰ ৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰিলেও এনে আঁচনিয়ে ৰাইজক উপকৃত কৰাৰ পৰিবৰ্তে এচাম জনপ্ৰতিনিধি, ঠিকাদাৰ আৰু চৰকাৰী বিষয়া কৰ্মচাৰীকহে উপকৃত কৰা বুলি সচেতন মহলে মত পোষণ কৰিছে।

পাৰ্শ্চবৰ্তি চীন দেশৰ একালৰ চীনবাসীৰ চকুলো খ্যাত হোৱাংহো নদী বহুদিন পূৰ্বেই বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ কৰি চীনবাসীৰ আশীৰ্বাদত পৰিণত হৈছে যদিও অসমৰ মেৰদণ্ড স্বৰূপ ব্ৰহ্মপুত্ৰ অসম তথা ভাৰতৰ এচাম জনপ্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীৰ অবৈধ ধন ঘটাৰ উৎস হৈয়ে থাকিল। ইপিনে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ পৰিকল্পনা বাস্তৱত কি ৰূপ লব সেয়া সময়তহে দেখা যাব ।