newsnextone.com | ডিজিটেল ডেস্কঃ পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত জীৱ আছে নেকি? এই প্ৰশ্ন কেৱল শিশুৰ মনতে নহয়, সকলোৰে মনত এই প্ৰশ্নই দোলা দি যায়৷ যাৰ ফলত কল্পনাৰ অলেখ ছবি নিৰ্মাণ কৰা হৈছে৷ আৰু সেই ছবিবোৰৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে মানুহৰ মনত অন্য গ্ৰহত জীৱৰ উপস্থিতি সম্পৰ্কে জানিবলৈ কৌতুহল কিমান৷
পূৰ্বে কেইবাৰো বাতৰি প্ৰকাশ হৈছিল যে পৃথিৱীৰ দৰে মঙল গ্ৰহও জীৱন ধাৰণৰ বাবে উপযুক্ত ঠাই৷ এই বাতৰিয়ে সকলোৰে মনত প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও মহাকাশ বিজ্ঞানী সকলে এই বিষয়ে কিন্তু কোনো নিশ্চিতি প্ৰদান কৰা নাই৷ দেখিবলৈ প্ৰায় পৃথিৱীখনৰ দৰেই হ’লেও মঙল গ্ৰহত জীৱন সম্ভেদ লাভ কৰা হোৱা নাই৷