newsnextone.com | ডিজিটেল ডেস্কঃ পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত  জীৱ আছে নেকি? এই প্ৰশ্ন কেৱল শিশুৰ মনতে নহয়, সকলোৰে মনত এই প্ৰশ্নই দোলা দি যায়৷ যাৰ ফলত কল্পনাৰ অলেখ ছবি নিৰ্মাণ কৰা হৈছে৷ আৰু সেই ছবিবোৰৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে মানুহৰ মনত অন্য গ্ৰহত জীৱৰ উপস্থিতি সম্পৰ্কে জানিবলৈ কৌতুহল কিমান৷

পূৰ্বে কেইবাৰো বাতৰি প্ৰকাশ হৈছিল যে পৃথিৱীৰ দৰে মঙল গ্ৰহও জীৱন ধাৰণৰ বাবে উপযুক্ত ঠাই৷ এই বাতৰিয়ে সকলোৰে মনত প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও মহাকাশ বিজ্ঞানী সকলে এই বিষয়ে কিন্তু কোনো নিশ্চিতি প্ৰদান কৰা নাই৷ দেখিবলৈ প্ৰায় পৃথিৱীখনৰ দৰেই হ’লেও মঙল গ্ৰহত জীৱন সম্ভেদ লাভ কৰা হোৱা নাই৷

শেহতীয়াকৈ আৰু মাত্ৰ কেইঘন্টা মান পিছতে মঙল গ্ৰহ জীৱন ধাৰণৰ বাবে কিমান উপযুক্ত অথৱা মঙল গ্ৰহত পৃথিৱীৰ দৰেই কোনো জীৱ আছে নেকি সেই বিষয়ে সম্ভেদ দিব মাৰ্কিন যুক্তৰাষ্ট্ৰই৷ ৭ জুন বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত অনলাইন যোগে মঙল গ্ৰহত প্ৰাণীৰ উপস্থিতি সম্পৰ্কে বিগ ব্ৰেকিং খবৰ দিব মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷

ৰঙামাটিৰ মঙল গ্ৰহত জীৱন বিচাৰি বিগত ১৮ মাহে অনুসন্ধান চলাইছে নাছাৰ মাৰ্ছ কিউৰ’চিটি ৰোভাৰ নামৰ যান খনে৷ মঙল গ্ৰহৰ ৰঙা মাটি খাণ্ডি অবিৰত ভাৱে এই যানখনে গ্ৰহটোত জীৱৰ উপস্থিতি সম্পৰ্কে সন্ধান চলাইছে৷

সুত্ৰৰ খবৰ মতে, মাৰ্ছ কিউৰ’চিটি ৰোভাৰে প্ৰেৰণ কৰা বিভিন্ন তথ্যৰ ভিত্তিত গ্ৰহটোত জীৱৰ উপস্থিতি সন্দৰ্ভত ঘোষণা কৰিবলৈ ওলাইছে গৱেষণা সংস্থাটোৱে৷ বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত অনলাইন যোগে নাছাই ঘোষণা কৰিব৷

আনহাতে নাছাৰ ঘোষণাৰ পূৰ্বেই বিশ্ববাসীৰ মনত কৌতুহলে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ ২০১২ চনৰ আগষ্ট মাহত নাছাই প্ৰেৰণ কৰা কিউৰ’চিটি নামৰ যান খনৰ তথ্যৰ আধাৰত গৱেষণা সংস্থাটোৱে কি ঘোষণা কৰে, তাক লৈ সমগ্ৰ বিশ্বত কৌতুহল ক্ৰমশ বাঢ়ি গৈ আছে৷