ডিজিটেল ডেস্কঃ ৰজনীকান্তে কৰিব নোৱৰা একো কামেই নাই। এইবাৰ ভাৰতৰ সাম্ভাব্য ৰাষ্ট্ৰপতি হিচাপে চৰ্চালৈ আহিছে দেশজুৰি জনপ্ৰিয় দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নাম। দক্ষিণ ভাৰতত দ্ৰাৱিড়ীয় ৰাজনীতিত বিশেষ প্ৰভাৱ থকা বুলি জনা ৰজনীকান্তক লৈ দিল্লী আৰু তামিলনাডুত চলিছে এই জল্পনা-কল্পনা।
শুনামতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পচন্দৰ প্ৰাৰ্থী হৈছে ছুপাৰষ্টাৰজন। অটল বিহাৰী বাজপেয়ী চৰকাৰে ৰাষ্ট্ৰপতি পদৰ বাবে এপিজে আব্দুল কালামৰ নাম ঘোষণা কৰি সকলোকে চমক দিয়াৰ পিছত এইবাৰ পুনৰাই শাসনলৈ অহা চৰকাৰখনে এইবাৰ তামিল ছুপাৰষ্টাৰ ৰজনীকান্তৰ নাম ঘোষণা কৰি পুনৰাই চমক দিয়াৰ বাবে গুণাগঁথা চলা বুলি জানিবপৰা গৈছে।