Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ গতি পুৰুষৰ প্ৰিয়। পুৰুষে বিচাৰে বতাহৰ সৈতে তাল মিলাবলৈ। মনৰ বেগৰ ধৰণে যাত্ৰাপথতো দ্ৰুতগতি কামনা কৰে পুৰুষে। পিছে পথৰ দ্ৰুত গতি বৰ্তমান কাল হৈছে উদণ্ড যুৱকৰ বাবে।

মটৰ চাইকেলৰ তাণ্ডৱ আৰু দুৰ্ঘটনাই আতংকৰ সৃষ্টি কৰাৰ সময়তে প্ৰকাশ পাইছে আন এক খবৰ। বিজ্ঞানীৰ গৱেষণাৰ তথ্য অনুসৰি সচৰাচৰ মটৰ চাইকেল চলোৱা যুৱকৰ হ্ৰাস পায় প্ৰজনন শক্তি।

বৰ্তমান বাইকে কাঢ়িছে বহুজনৰ পিতৃত্বৰ ক্ষমতা। সঘনাই যান-জঁট হোৱা পথত বৰ্তমান অধিকাংশ যুৱকে ভ্ৰমণ কৰে মটৰ চাইকেলত।

পিছে বিজ্ঞানীৰ মতে যান-জঁটত আবদ্ধ হৈ পথত বাইকৰ ওপৰতে বহি থকাৰ ফলত সূৰ্যৰ প্ৰখৰ ৰশ্মিয়ে হানি কৰে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা। ফলত বহুজনে হেৰুৱায় প্ৰজনন ক্ষমতা।