লছ এঞ্জেলছঃ অকল শিশুৰ মাজতে নহয়, সকলোৰে মাজত জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ 'স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ ৯৫ বছৰ বয়সত লছ এঞ্জেলছৰ এখন হাস্পাতালত সোমবাৰে মৃত্যু হয়। ছুপাৰ হিৰ’ৰ ধাৰণা স্পাইডাৰ-মেনৰ জৰিয়তে সলনি কৰিবলৈ সক্ষম হোৱা বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ বিষয়ে তেওঁৰ কন্যাই জানিবলৈ দিয়ে। 

অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ জানোৱা হোৱা নাই।

আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে কমিকছক জনপ্ৰিয় কৰাত আজীৱন অৱদান আগবঢ়োৱা লীয়ে কৈশোৰতে 'মাৰ্ভেল কমিকছ’ৰ সৈতে জড়িত হৈ পৰি পৈণত বয়সলৈ তেওঁ ইয়াৰ সৈতে জড়িত হৈ থাকে।

১৯৫০ৰ দশকত আমেৰিকাত শিশুৰ মনস্তত্বত কমিকছে কু-প্ৰভাৱ পেলায় বুলি সৃষ্টি হোৱা বিতৰ্কক সৃজনশীলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হোৱা লীয়ে নিজৰ ক্ষমতাকেই উপলব্ধি কৰিব নোৱাৰা 'স্পাইডাৰ মেন’কে ধৰি পৰস্পৰৰ মাজত খকাখুন্দা লাগি থকা 'ফেণ্টাষ্টিক ফ’ৰ’, দাম্ভিক 'আইৰণ মেন’ আৰু ভয়ানক 'হাল্ক’ৰ দৰে অতি জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ জন্ম দিছিল।