চোমালিয়াৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ২৭৬জনলৈ বৃদ্ধি, তিনিদিনিয়া শোক, ৰাষ্ট্ৰীয় সংকট...

Home বিশ্বচোমালিয়াৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ২৭৬জনলৈ বৃদ্ধি, তিনিদিনিয়া শোক, ৰাষ্ট্ৰীয় সংকট ঘোষণা

চোমালিয়াৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ২৭৬জনলৈ বৃদ্ধি, তিনিদিনিয়া শোক, ৰাষ্ট্ৰীয় সংকট ঘোষণা

by News Desk
63 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আফ্ৰিকান দেশ চোমালিয়াৰ ৰাজধানীত যোৱা দেওবাৰে সংঘটিত বিস্ফোৰণত মৃতকৰ সংখ্যা ২৭৬জনলৈ বৃদ্ধি হয়৷ দেওবাৰে মৃতৰ সংখ্যা আছিল ১৮৯জন৷ চিকিৎসাধীন বহু আহতৰ লোকৰ অৱস্থা সংকটজনক হৈ পৰাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে দেশ খনৰ চৰকাৰে৷ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল্লাই এই ঘটনাক বৰ্বৰ আক্ৰমণ আখ্যা দিছে৷ ইফালে চুবুৰীয়া দেশ তুৰস্ক আৰু কেনিয়াই সৰ্ব প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস দিয়ে চোমালিয়াক৷ যোৱা দেওবাৰে দেশৰ ৰাজধানী তথা মন্ত্ৰণালয়ৰ সমীপতে বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে বিস্ফোৰণ কাণ্ড সংঘটিত কৰে উগ্ৰপন্থীয়ে৷

দেশৰ খনৰ চৰকাৰে এই ঘটনাৰ সৈতে অল কায়দাৰ সৈতে জড়িত হৈ থকা অ’ল-চবাব সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি স্পষ্ট কৰে৷ এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ চোমলিয়াত যোৱা কেবাবছৰ ধৰি সংঘটিত হৈ অহা বিস্ফোৰণ কথা আক্ৰমণৰ ঘটনাৰ ভিতৰত দেওবাৰে সংঘটিত ঘটনা আছিল শক্তিশালি আৰু ভয়াবহ৷ চিকিৎসালয়ত বহু আহতৰ অৱস্থাত সংকট জনক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0