ডিজিটেল ডেস্কঃদেশ তথা সমাজৰ বিচাৰবোৰক লৈ চিন্তা কৰা ক্ৰিকেট জগতৰ সুদক্ষ খেলুৱৈ গৌতম গম্ভীৰ আকৌ এবাৰ চৰ্চিত বিষয়ৰ মাজত সোমাই পৰে৷  কঁপালত ৰঙা ফুঁটৰ লগতে কান্ধত শাৰীৰ আঁচল ধৰি থকা ছবি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হয়৷ দৰাচলতে দেশৰ অন্যতম সমস্যা তথা প্ৰভাৱ পেলোৱা লিংগভেদ আৰু লিংগ পৰিৱৰ্তনৰ দৰে বিষয়ক সমাজত ভেদ-ভাৱ কৰা দেখা যায়৷ 

কিন্নৰ সকলৰ বাবে ‘হিজড়া হব্বা’ নামৰ এক সংস্কৰণ চেমাৰী ছ’চাইটি য়ে বহু আগৰে পৰা চলায় আহিছে৷ যাৰ সপ্তম সংস্কৰণ উদঘাটনৰ বাবে গৌতম গম্বীৰক নিমন্ত্ৰণ কৰা হৈছিল৷ আনহাতে ছ’চাইটিয়ে আয়োজন কৰা অনুষ্ঠানত গৈ কিন্নৰ সকলৰ দৰে বস্ত্ৰ পৰিধান কৰি তেওঁলোকক উৎসাহিত কৰে খেলুৱৈজনে৷

সমাজৰ ভাষাত হিজৰা, কিন্নৰ সকলক লৈ গৌতম গম্ভীৰে দৃষ্টিভংগী সলনি কৰিবলৈ থিয় দিয়াৰ এখন প্ৰতিচ্ছবি সংবাদ মাধ্যমত প্ৰকাশ পায়৷ আনহাতে মিডিয়াৰ বাবে এই বিষয় প্ৰশংসনীয় হৈ পৰিছে বুলি জানিব পৰা গৈছে৷ বৰ্তমানে দেশত লিংগ পৰিবৰ্তনক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে লোৱা হৈছে৷ সমাজত ট্ৰেন্সজেনদাৰক লৈ মানুহৰ মাজত মতানৈক্য মনোভাৱৰ সৃষ্টি হোৱাৰ ফলত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা যায়৷ আনহাতে ভাৰত এখন সংস্কৃতি, জাতি, বৰ্ণ নিৰ্বিশেষ দেশ যদিও ট্ৰেন্সজেনডাৰৰ দৰে বিষয়ক পাপ বুলি গণ্য কৰে কৰে এচাম ভাৰতীয়য়ে৷ 

পাশ্চাত্যৰ প্ৰভাৱ পৰা লিংগ পৰিৱৰ্তন তথা উভয় লিংগৰ লোকক সমাজত ভাল দৃষ্টিৰে চোৱা নহয়৷ কিয়নো প্ৰকৃতিৰ নিয়মক উলংঘন কৰাৰ বাবে এই কামক পাপ বুলি মানি লোৱা হয়৷ কিন্নৰ সকলকো মানুহৰ দৃষ্টিৰে চোৱা তথা সমাজত সম অধিকাৰ দিবলৈ আহ্বান জনোৱা গৌতম গম্ভীৰে মনৰ ভাৱ প্ৰকাশ কৰে৷ শেহতীয়াকৈ হিন্দুসমাজত ৰাখীবন্ধৰ দৰে পৱিত্ৰ দিন এটাত গৌতমে ট্ৰান্সজেণ্ডাৰৰ পৰা ৰাখী বন্ধোৱাই বহু লোকৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷