ডিজিটেল ডেস্কঃ ২০১৭ চনত আমেৰিকাৰ কনচাচৰ এখন বাৰত ঘৃণা জনিত অপৰাধৰ চিকাৰ হৈছিল ভাৰতীয় ইঞ্জিনিয়াৰ শ্ৰীনিৱাস কুশিভোটলা৷ শ্ৰীনিৱাসক আমেৰিকাৰ নৌ সেনাৰ অৱসৰপ্ৰাপ্ত মধ্যবয়স্ক লোকে গুলি চলাই ‘আমাৰ দেশৰ পৰা গুছি যোৱা৷ এই দেশ আমাৰ’ বুলি মন্তব্য কৰিছিল৷
মধ্যবয়স্ক মানুহজনৰ বন্দুকৰ গুলিয়ে ধৰাশায়ী কৰিছিল শ্ৰী নিৱাসৰ শৰীৰ৷ তেজে তুমুৰলি হোৱা শ্ৰীনিৱাসক হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও মৃত্যুৰ শীতল কোলাত ইতিমধ্যেই চিৰদিনৰ বাবে শুই পৰিছিল ভাৰতীয় ইঞ্জিনিয়াৰ শ্ৰীনিৱাস কুশিভোটলাই৷