ডিজিটেল ডেস্কঃ ২০১৭ চনত আমেৰিকাৰ কনচাচৰ এখন বাৰত ঘৃণা জনিত অপৰাধৰ চিকাৰ হৈছিল ভাৰতীয় ইঞ্জিনিয়াৰ শ্ৰীনিৱাস কুশিভোটলা৷ শ্ৰীনিৱাসক আমেৰিকাৰ নৌ সেনাৰ অৱসৰপ্ৰাপ্ত মধ্যবয়স্ক লোকে গুলি চলাই ‘আমাৰ দেশৰ পৰা গুছি যোৱা৷ এই দেশ আমাৰ’ বুলি মন্তব্য কৰিছিল৷ 

মধ্যবয়স্ক মানুহজনৰ বন্দুকৰ গুলিয়ে ধৰাশায়ী কৰিছিল শ্ৰী নিৱাসৰ শৰীৰ৷ তেজে তুমুৰলি হোৱা শ্ৰীনিৱাসক হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও মৃত্যুৰ শীতল কোলাত ইতিমধ্যেই চিৰদিনৰ বাবে শুই পৰিছিল ভাৰতীয় ইঞ্জিনিয়াৰ শ্ৰীনিৱাস কুশিভোটলাই৷

এই মৰ্মান্তিক ঘটনাৰ এবছৰৰো অধিক কাল পাৰ হোৱাৰ পিছত অৱশেষত শাস্তি ঘোষণা কৰা হ’ল শ্ৰীনিৱাসৰ হত্যাকাৰী ৫২ বৰ্ষীয় আডাম পিউৰিন্টনৰ৷ শুকুৰবাৰে আডাম পিউৰিন্টনক যাৱজ্জীৱনৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে মাৰ্কিন আদালতে৷

শ্ৰীনিৱাসৰ ‘ফাৰ্ষ্ট ডিগ্ৰী মাৰ্ডাৰ’ আৰু আন দুজন ব্যক্তিক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰি কানচাচৰ ফেডাৰেল বিচাৰপীঠে যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ আদালতৰ ৰায় প্ৰদানত সন্তুষ্টি প্ৰকাশ কৰে শ্ৰীনিৱাসৰ পত্নী সুনয়না দুমালাই৷ এক বিবৃতিযোগে তেওঁ কয়, ‘শাস্তি ঘোষণাৰ ফলত মোৰ শ্ৰীনু আমাৰ কাষলৈ উভটিতো নাহে! তথাপি আদালতৰ এই ৰায়ে ঘৃনাই যে কেতিয়াও জীৱন সফল নকৰে তাৰ এটি বাৰ্তা বহন কৰিছে৷’

আনহাতে আদালতৰ ৰায় প্ৰদানৰ পিছতে জিলা এটৰ্ণী বিভাগ আৰু ওলাথ আৰক্ষীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে শ্ৰীনিৱাসৰ পত্নী সুনয়নাই৷ তেওঁলোকৰ প্ৰচেষ্টা অবিহনে শ্ৰীনিৱাসে কেতিয়াৰ ন্যায় নাপালেহেতেন বুলিও মন্তব্য কৰে সুনয়নাই৷