মঙলদৈঃ আজি সুধাকণ্ঠৰ জন্মদিন৷ গানৰ মাজেৰে হৃদয়ৰ পৰশ বিলোৱা সুধাকণ্ঠই আজিৰ এই দিনটোতে ১৯২৬ চনত জন্মগ্ৰহণ কৰিছিল৷ হেজাৰ গানৰ মাজেৰে নিজকে মানুহৰ মাজত বিলাই দিয়া সুধাকণ্ঠক সুঁৱৰি আজিৰ এই দিনটোত তেওঁৰ নামত পালন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰাৰ লগতে মঙলদৈতো সুধাকণ্ঠৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আজি ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যেগত স্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাসে।

১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো সাজি উলিয়াই মিৰ্জাৰ শিল্পী বিজু কুমাৰ দাসে৷ মঙলদৈৰ বেগা নদীৰ পাৰত সুধাকন্ঠ গৰাকীৰ প্ৰতিমূৰ্তিটো স্থাপনত খৰচ হয় প্ৰায় ২০ লাখ টকা৷ উল্লেখ্য যে, বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ ৯১ সংখ্যক জন্ম দিনত প্ৰতিমূৰ্তিটো দান কৰে দলগাঁওৰ বিশিষ্ট ব্যৱসায়ী কুলেন হাজৰিকাই।

লগতে আজি সুধাকণ্ঠগৰাকীৰ জন্মদিন দৰং জিলাৰ মঙলদৈৰ লগতে ৰঙামাটি¸ নামখোলা প্ৰান্ততো পালন কৰে। শিল্পীগৰাকীৰ ৯১ সংখ্যক জন্ম দিন উদযাপন কৰি মঙলদৈৰ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশনৰ জৰিয়তে অশান্ত সমাজত মানৱতাৰ জয়গান গোৱাৰ প্ৰয়াস কৰে।