ভাৰতত চীনা এপৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি হোৱাৰ সময়তে জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ ফেচবুকো বিভিন্ন কাৰণত শলঠেকত পৰা দেখা গৈছে। বিশ্বৰ বহু নামী-দামী প্ৰতিষ্ঠানে এতিয়া মাৰ্কিন ছ’চিয়েল মিডিয়া এপবিধৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিছে। কিন্তু কিয়? সবিশেষ লিখিছে জ্যেষ্ঠ সাংবাদিক হৃদয় কুমাৰ শৰ্মাই।
♦ ১৯ শতিকাত ক্ৰীতদাস প্ৰথা বিলোপৰ দাবীত ব্ৰিটেইনত যেতিয়া আন্দোলন আৰম্ভ হৈছিল¸ তেতিয়া আন্দোলনকাৰীসকলে ক্ৰীতদাসৰ দ্বাৰা উৎপাদিত পণ্য বয়কট কৰিবলৈ ব্ৰিটিছ নাগৰিকসকলক আহ্বান জনাইছিল। এই আহ্বানলৈ হাজাৰ হাজাৰ নাগৰিকে সহাঁৰি জনোৱাত দাস প্ৰথা বিলোপৰ দাবীত সাংঘাতিক চাপ সৃষ্টি হৈছিল।