ডিজিটেল ডেস্কঃ ধৰ্ষণ। এনে এটা শব্দ যাৰ বীভৎসতাই ভিতৰৰ পৰা কঁপাই তোলে। যিয়ে কোমল বয়সতে যৌন অত্যাচাৰ সহ্য কৰে, সেইসকলৰ মুখমণ্ডলত সমগ্ৰ জীৱনটোতে দেখা যায় শংকাৰেখা।

কিন্তু এনে কোনো মহিলাৰ কথা শুনিছেনে, যিয়ে জীৱনত ৩০০০ হাজাৰতকৈয়ো অধিকবাৰ ধৰ্ষিতা হৈছে। হয়, এনে এক মৰ্মান্তিক জীৱন কটাবলগীয়া হোৱা মহিলাও আছে যন্ত্ৰণাকাতৰ এই পৃথিৱীত।  

CLICK ► ব্যভিচাৰী ১১ গায়কক কামানেৰে উৰুৱাই দিলে কিমে

মাঞ্চেষ্টাৰৰ এই মহিলাগৰাকী প্ৰথম ধৰ্ষণৰ বলি হৈছিল মাত্ৰ ১০ বছৰ বয়সতে। এতিয়া তেওঁৰ বয়স ৪৮ বছৰ। দৰিদ্ৰ পৰিয়ালৰ এই মহিলাগৰাকীয়ে শিশু অৱস্থাতে কিথ ডাউণ্ড নামৰ এজন লোকৰ ঘৰত বেবি ছিষ্টাৰ হিচাপে কাম কৰিছিল।

CLICK  সংকটত জাতি-মাটি-ভেটি! হৰিশংকৰ ব্ৰহ্মৰ পক্ষত ৰাজ্যৰ ২৯ জাতীয় সংগঠন

কিথৰ পত্নী নিজৰ কামক লৈয়ে ব্যস্ত আছিল। সেই সুযোগতে কন্যাসম ছোৱালীগৰাকীক বাৰম্বাৰ নিজৰ বিকৃত লালসাৰ চিকাৰ হ’বলৈ বাধ্য কৰাইছিল কিথে। দিনে দুবাৰকৈ লোকজনে ধৰ্ষণ কৰিছিল এতিয়াৰ ৪৮ বৰ্ষীয় মহিলাগৰাকীক। এই কথা প্ৰকাশ কৰিলে হত্যাৰ ভাবুকিও দিছিল লম্পট কিথে।

CLICK  ৰেষ্টুৰেন্টত বহি থকা হিন্দু যুৱতীক বিজেপি নেত্ৰীৰ কানতলীয়া চৰ

যেতিয়া ১৬ বছৰ বয়সত ভৰি দিয়ে তেতিয়ালৈকে ৬ বছৰত অতি কমেও ৩০০০ বাৰ ধৰ্ষণৰ বলি হৈছিল তেওঁ। ২০১২ চনত যেতিয়া জিমি ছালভ আৰু ষ্টুৱাৰ্ট হলে ধৰ্ষণৰ বলি হোৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল তেতিয়া সাহস পাই নিজৰ তেওঁ নিজৰ সেই ভয়াৱহ অভিজ্ঞতা আৰক্ষীক জনাইছিল। উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে কিথ ডাউণ্ডক গ্ৰেপ্তাৰ কৰে। পিছত আদালতে ধৰ্ষক কিথক ১৯ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

এই ঘটনাৰ কেবা বছৰো পাৰ হ’ল যদিও দিনদিয়েক পূৰ্বে লণ্ডনত অনুষ্ঠিত যৌন নিৰ্যাতন বিষয়ক এখন সভাত উপস্থিত থাকি মহিলাগৰাকীয়ে নিজৰ দুৰ্বিসহ অভিজ্ঞতাৰ কথা পুনৰ বৰ্ণনা কৰাত বিষয়টোৱে আকৌ চৰ্চা লাভ কৰিছে। '৬ বছৰত ৩০০০ বাৰ মোৰ দেহত পিকনিক কৰিছিল সি।'-দুৰ্বিসহ অভিজ্ঞতাৰ কথা ক'বলৈ গৈ এইদৰে কয় মহিলাগৰাকীয়ে।

CLICK  সংকটত জাতি-মাটি-ভেটি! হৰিশংকৰ ব্ৰহ্মৰ পক্ষত ৰাজ্যৰ ২৯ জাতীয় সংগঠন

জানিব পৰা মতে বৰ্তমান মহিলাগৰাকীয়ে নিজকে এগৰাকী প্ৰতিষ্ঠিত মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। নিজৰ দৈনন্দিন কাম-কাজৰ লগতে সময় পালেই এনেধৰণৰ নিৰ্যাতন ৰোধৰ হকে বিভিন্ন সজাগতামূলক অনুষ্ঠানতো সক্ৰিয়ভাৱে ভাগ লৈ আহিছে শৈশৱ-কৈশোৰত নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে।