ঐতিহাসিক কুঁজি সত্ৰই সম্পূৰ্ণ কৰিলে ৩৬৮ বছৰ, ১৮ এপ্ৰিলৰ পৰা প্ৰতিষ্ঠা দিৱস

Printer-friendly versionSend by email

নগাঁওঃ অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰুধা ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰ দেৱে নগাঁও জিলাৰ ইতিহাস বিজড়িত বৰদোৱাৰ কিছু নিলগত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ ৩৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত ধৰ্মীয় কাৰ্যক্ৰমণিকাৰে উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

উদ্যোক্তাসকলে যুগুত কৰা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, গোবিন্দৰ চৰণত ভোগ চৰোৱা আৰু পানীতোলা অনুষ্ঠানৰ অন্তত বিয়লি ৩ বজাৰ পৰা শ্ৰী শ্ৰী মহা ভাগৱত পাঠ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব৷ 

৭ বজাত সত্ৰ প্ৰাংগণত পৰম্পৰাগতভাবে বাট নাম কীৰ্ত্তন পৰিবেশন কৰা হ’ব৷ ইফালে, প্ৰতিষ্ঠা দিৱসৰ বাকী দিনকেইটাত দিনে-নিশাই অবিৰতভাবে ভাগৱত পাঠ চলি থকাৰ বিপৰীতে ২১ এপ্ৰিলৰ দিনা ৩৬৮ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাপালনাম মহোৎসৱৰ আৰম্ভনি হৈ পিছদিনা অৰ্থাৎ ২২ এপ্ৰিলৰ পুৱাৰ ভাগত ইয়াৰ সামৰণি পৰাৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা আকৰ্ষণীয় কীৰ্ত্তন মহোৎসৱ অনুষ্ঠিত হ’ব৷ 

গতিকে ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ কেওটা দিনৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা আকুণ্ঠ সহাৰি কামনা কৰিছে সত্ৰখনিৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে ৷